অসম

assam

ETV Bharat / state

গোলাঘাটত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ নাহৰফুটুকী - স্থানীয় ৰাইজ

গোলাঘাটত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী । দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰফুটুকীৱে সন্ত্ৰাস চলাই আহিছিল । বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো ৷

Forest Department Team Rescue Leopard Trapped in Golaghat
গোলাঘাটত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ নাহৰফুটুকী

By

Published : Aug 30, 2020, 10:31 PM IST

গোলাঘাট, 30 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে দেওবাৰে নিশা গোলাঘাটত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী । জিলাখনৰ 2 নং আঠাবাৰীত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ।

তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল । আনকি, বহু দিনৰ পৰাই অঞ্চলটোৰ ৰাইজৰ পশুধন ভক্ষণ কৰি আতংকিত কৰিছিল গাঁওবাসীক । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগে উক্ত স্থানত শনিবাৰে এটা পিঞ্জৰা স্থাপন কৰে আৰু বন বিভাগে স্থাপন কৰা পিঞ্জৰাত দেওবাৰে নিশা পিঞ্জৰাবদ্ধ হয় প্ৰাপ্তবয়স্ক নাহৰফুটুকীটো ।

গোলাঘাটত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ নাহৰফুটুকী

উল্লেখ্য যে, বন বিভাগৰ লোকে নাহৰফুটুকীটোক উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

গোলাঘাটত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ নাহৰফুটুকী

লগতে পঢ়ক : সংখ্যালঘু ছাত্ৰ জলপানিৰ কেলেংকাৰীঃ জালত গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী

ABOUT THE AUTHOR

...view details