অসম

assam

ETV Bharat / state

বন্যাৰ্তৰ কাষত বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী - প্ৰশাসন

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত নৈ-উপনৈ সমূহ উফন্দি উঠাৰ বাবে সৃষ্টি হৈছে প্ৰবল বানৰ ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলতো পানীয়ে কালৰূপ ধাৰণ কৰিছে ৷ বুধবাৰে দেৰগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীয়ে ৷ বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ বুজ লোৱাৰ লগতে বিধায়ক গৰাকীয়ে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ বিধায়ক গৰাকীয়ে বিশুদ্ধ খোৱা পানী আৰু পশুধনৰ খাদ্য যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বানাক্ৰান্ত ৰাইজক ৷

Flood affected area visit Dergaon MLA Bhabendra nath bharali
বন্যাৰ্তৰ কাষত বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী

By

Published : Jul 15, 2020, 4:17 PM IST

দেৰগাঁও, 15 জুলাই : ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত নৈ-উপনৈ সমূহ উফন্দি উঠাৰ বাবে সৃষ্টি হৈছে প্ৰবল বানৰ ৷ ইতিমধ্যে, অসমৰ প্ৰায় 27 খন জিলাৰ প্ৰায় 23 লক্ষাধিক জনতা বানপানীৰ কবলত পৰিছে ৷ উজনি-নামনি সকলো অঞ্চলতে পানীয়ে কালৰূপ ধাৰণ কৰিছে ৷ বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি এৰি ওখ ভেটি বা মাথাউৰিত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷

বন্যাৰ্তৰ কাষত বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী

ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলতো পানীয়ে কালৰূপ ধাৰণ কৰিছে ৷ বুধবাৰে দেৰগাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীয়ে ৷
বানাক্ৰান্ত ৰাইজৰ দুৰ্দশাৰ বুজ লোৱাৰ লগতে বিধায়ক গৰাকীয়ে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

বন্যাৰ্তৰ কাষত বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী

চিৰিশটিকা,লেমচাপৰি,শলাবোৱা,চমুৱা,মিলনপুৰ আদি অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত বিধায়ক গৰাকীক সংগ দিয়ে দেৰগাঁও ৰাজহ চক্ৰ বিষয়া উৎপল ডেকা, সংলগ্ন ৰাজহ চক্ৰ বিষয়া মনিষ ভড়ালী,যুৱ নেতা আলাউদ্দিন চুলতান,ৰঞ্জিত ৰিংকু বৰা,বাবুল হাতীবৰুৱা,পবিত্ৰ ভূঞা,নিত্যেন ঠাকুৰ,ধৰ্মেন্দ্ৰ হাজৰিকা,হেমকান্ত পাচুং,ৰাণা প্ৰতাপ ভূঞা,বিক্ৰম দাস আৰু মঃ আব্দুল্লা চিদ্দিকীয়ে । বিধায়কজনে বন্যাৰ্তৰ অভাৱ-অভিযোগৰ লগতে বিশেষকৈ বিশুদ্ধ খোৱা পানী আৰু পশুধনৰ খাদ্য যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বানাক্ৰান্ত ৰাইজক ৷

উল্লেখ্য যে,দেৰগাঁও বিধানসভাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰায় ৫০ খনৰো অধিক গাঁও এতিয়া বানৰ কবলত পৰিছে ৷ সৰ্বমুঠ অসমত প্ৰায় 27 জিলাৰ 23 লক্ষাধিক জনতা বানৰ কবলত পৰিছে ৷ বানত মৃত্যু হোৱাৰ সংখ্যা অৰ্ধ-শতাধিক অতিক্ৰম কৰিছে ৷ চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজক সহায়-সহযোগিতা কৰাৰ লগতে সাহাৰ্য সামগ্ৰী প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ লগতে, সকলো সময়তে চৰকাৰ তথা প্ৰশাসনৰ লোক সষ্টম হৈ থকা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য বিতৰণ

ABOUT THE AUTHOR

...view details