বোকাখাত, 8 এপ্ৰিল :উগুল-থুগুল এতিয়া ৰাজ্যবাসীৰ মন ৷ কিয়নো দুৱাৰ দলিতহেঁপাৰ ৰঙালী ৷ সকলোৱে এইবাৰ নাচিব প্ৰাণভৰি ৷ গাত তৎ নাই চহা কৃষকৰো ৷ সোণবৰণীয়া পথাৰ আৰু মনত অযুত সপোন ৷ মাহ-হালধীৰে গোহালিৰ গৰু হালক নুৱাই-ধূৱাই সপোনৰ সোণগুটি সিচিবলৈ সাজু হৈছে এতিয়া ৰাজ্যৰ প্ৰতিজন চহা খেতিয়ক (Bihu preparation in Assam) ৷
কান্ধত নাঙললৈ মুখত বিহু নামৰ মৌ জুৰি পথাৰত নামিছে কৃষি বিপ্লৱী দিগন্ত কুটুমে (EX ULFA militant engage in with Agri farming)৷ এসময়ৰ সশস্ত্ৰ সংগ্ৰামৰ বিপ্লৱী আৰু বৰ্তমান এজন সফল কৃষক দিগন্ত কুটুম ৷ সশস্ত্ৰ বিপ্লৱৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সংগী হিচাপে যৌৱনৰ এচোৱা কাল কটাই মূলসূঁতিলৈ ঘূৰি আহিছিল বোকাখাতৰ এইজন দিগন্ত কুটুম । এসময়ত হাতত মাৰণাস্ত্ৰ আৰু আজি হাতত তুলি লৈছে নাঙল ।
বিহু আহিলেই মতলীয়া হয় এইজন বিহুৱাৰো মন ।
১৯৮৬ ৰ পৰা ১৯৯১ চনলৈ সংযুক্ত মুক্তি বাহিনী অসমৰ সশস্ত্ৰ কেডাৰ দিগন্ত কুটুম (EX ULFA militant Diganta Kutum) বৰ্তমান এজন সফল কৃষক । ১৯৮৭ চনত আলফাত যোগদান কৰি নগালেণ্ডত NACN ৰ দ্বাৰা সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি কাচিনলৈ যাত্ৰা কৰিছিল দিগন্তই । কাচিনত থকাৰ কালতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সান্নিধ্য লাভ কৰিছিল ৪ বছৰ কাল ।