গোলাঘাট, 28 চেপ্তেম্বৰঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত । সম্পূৰ্ণ ৰূপে ভাঙি তচনচ কৰিলে কেইবাটাও বাসগৃহ । মহালয়াৰ আনন্দ উল্লাহৰ মাজতে গোলাঘাট মুৰফুলনী অঞ্চলৰ গেৰুকানীত এটা বৃহৎ বন্যহস্তীৰ জাকৰ পৰা ওলাই অহা এটা হাতীয়ে সম্পূৰ্ণ ৰূপে ভাঙি তচনচ কৰে কেইবাটাও বাসগৃহ । যাৰ বাবে কেইবাটাও পৰিয়ালে আশ্ৰয় ল'বলগীয়া হৈছে মুকলি আকাশৰ তলত ৷ পৰিয়াল কেইটাৰ ঘৰৰ ভিতৰত সোমাই চাউল, ধান খাই তহিলং কৰাৰ লগতে বাচন বৰ্তন, বিচনা , টিভি ভাঙি তহিলং কৰে হাতীটোৱে । ইফালে বহুদিন ধৰি গেৰ মেলা ধাননি পথাৰত সোমাই পথাৰৰ ধান খাই তথা গচকি নষ্ট কৰিছে হাতীটোৱে ৷
গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱঃ ভাঙি তচনচ কৰিলে কেইবাটাও বাসগৃহ - গোলাঘাট মুৰফুলনী
মলয়াহাৰ আনন্দ উল্লাহৰ মাজতে গোলাঘাট মুৰফুলনী অঞ্চলৰ গেৰুকানীত এটা বৃহৎ বন্যহস্তীৰ জাকৰ পৰা ওলাই অহা এটা হাতীয়ে সম্পূৰ্ণ ৰূপে ভাঙি তচনচ কৰে কেইবাটাও বাসগৃহ ৷
হাতী মানুহ আৰু সংঘাত!
ইফালে হাতীটোৰ বিষয়ে বন বিভাগক খবৰ দিয়া পাচতো উপস্থিত ন'হল বন বিভাগৰ কোনো লোক । যাৰ বাবে স্থানীয় ৰাইজে গোটেই নিশা উজাগৰে থাকি খেদিব লগা হৈছে হাতী ।