অসম

assam

ETV Bharat / state

অৰ্থৰ অভাৱত থমকিছে দুই সম্ভাৱনা - খেলুৱৈ

উৰিয়ামঘাটৰ মধ্যমপুৰৰ দুটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ দুগৰাকী খেলুৱৈ প্ৰীতিমা খাকলাৰী আৰু তৰালি ৰাভাই এচিয়ান চ'ক বল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ কিন্তু প্ৰতিভা থাকিও ধনৰ অভাৱত থমকি ৰবলগীয়া হৈছে এওঁলোকৰ বিশ্বজয়ৰ যাত্ৰা ৷

অৰ্থৰ অভাৱত থমকিছে দুই সম্ভাৱনা

By

Published : May 29, 2019, 2:54 PM IST

সৰুপথাৰ , 29 মে':প্ৰৱল ইচ্ছাশক্তি আৰু অধ্যাৱসায় থাকিলে প্ৰকৃত লক্ষত উপনিত হ'ব পাৰে ৷ তাৰেই যেন প্ৰতিফলন ঘটিল গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ মধ্যমপুৰত ৷ উৰিয়ামঘাটৰ মধ্যমপুৰৰ দুটা অতিকৈ দৰিদ্ৰ পৰিয়ালৰ দুগৰাকী খেলুৱৈ প্ৰীতিমা খাকলাৰী আৰু তৰালি ৰাভাই এচিয়ান চ'ক বল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷

অৰ্থৰ অভাৱত থমকিছে দুই সম্ভাৱনা

খেলুৱৈ দুগৰাকীয়ে শ্ৰীলংকাত 14 জুনৰ পৰা অনুষ্ঠিত হ'বলগীয়া এচিয়ান চ'ক বল খেলত প্ৰতিদ্বন্দ্বীতা কৰিব ৷ ইতিমধ্যে দেৱানন্দ খাকলাৰী আৰু ৰাধিকা খাকলাৰীৰ কণ্যা প্ৰীতিমা খাকলাৰী আৰু সৰ্বেশ্বৰ ৰাভা আৰু পপী ৰাভাৰ কণ্যা তৰালি ৰাভাই গুৱাহাটী, চিৰাঙকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মোম্বাই আদিত চ'ক বল খেলি সাফল্য আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বহুকেইটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৷ ইপিনে শ্ৰীলংকাত এচিয়ান গেমছত অংশ লোৱাৰ পিচতে খেলুৱৈ দুগাৰকী মালেচিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কাপ চ'ক বল প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলৈ ৰাওনা হ'ব ৷ কিন্তু পৰিতাপৰ বিষয় যে দৰিদ্ৰ পৰিয়ালদ্বয়ৰ খেলুৱৈ দুগৰাকী শ্ৰীলংকালৈ যাবৰ বাবে হাতত নাই ধন ৷ অৱশ্যে দুয়োগৰাকী খেলুৱৈৰ পিতৃয়ে দিন হাজিৰা কৰি আৰু খেতি কৰি পোৱা টকাৰে কন্যাক শ্ৰীলংকালৈ খেলিবলৈ পথাবৰ বাবে ব্যৱস্থা কৰিছে । লগতে দুই-এগৰাকী স্থানীয় ব্যক্তিয়েও সহায়ৰ হাত আগবঢ়াইছে ৷

অৰ্থৰ অভাৱত থমকিছে দুই সম্ভাৱনা

উল্লেখ্য যে চ'ক বলৰ ওপৰিও খো খো, কাবাদি, ভাৰোত্তোলন আদি ক্ৰীড়াত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপেও সুনাম আছে এই প্ৰতিভাৱান খেলুৱৈ দুগৰাকীয়ে ৷ কিন্তু প্ৰতিভা থাকিও ধনৰ অভাৱত থমকি ৰবলগীয়া হৈছে এওলোকৰ বিশ্বজয়ৰ যাত্ৰা ৷ ইপিনে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা খেলুৱৈ দুগৰাকীয়ে আজিলৈকে কোনো আৰ্থিক সাহায্য পোৱা নায় ৷ সেয়ে সুহৃদয়বান ব্যক্তিয়ে যদি এই দৰিদ্ৰ পৰিয়ালটোৰ খেলুৱৈ দুগৰাকীক সহায়ৰ হাত আগবঢ়াই তেতিয়া নথৈ আনন্দিত হ'ব এই দৰিদ্ৰ পৰিয়ালটো ৷

ABOUT THE AUTHOR

...view details