গোলাঘাট, 9 নৱেম্বৰ : ক্ৰমাৎ মাৰাত্মক ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল ৷ বিগত কেইবামাহ ধৰি গোলাঘাটত অবৈধ ড্ৰাগছ ব্যৱসায়ীয়ে মেলি দিছে তেওঁলোকৰ নিষিদ্ধ বেহা ৷ ড্ৰাগছৰ বিৰূদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে শনিবাৰে ফৰকাটিং আৰক্ষীয়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰে 10 গ্ৰাম হেৰইনসহ সোনতি শইকীয়া নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ খবৰ অনুসৰি ফৰকাটিঙৰ ২নং তিৰুৱালৰ সোনতি শইকীয়া উৰফে জীৱন শইকীয়াই ফৰকাটিং অঞ্চলত মুকলিকৈ হেৰইন বিক্ৰী কৰি আহিছিল ৷ এই বিষয়ে ফৰকাটিং আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে ভাৰপ্ৰাপ্ত বিষয়া উৎপল শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে ফৰকাটিং বাইপাছত সোনতি শইকীয়াক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷
মাৰাত্মক ড্ৰাগছৰ কৱলত ফৰকাটিং : আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - ফৰকাটিঙৰ ২নং তিৰুৱাল
অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰূদ্ধে ফৰকাটিং আৰক্ষীৰ অভিযান ৷ জব্দ 10 গ্ৰাম হেৰইন ৷
মাৰাত্মক ড্ৰাগছৰ কৱলত ফৰকাটিং : আকৌ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
উল্লেখযোগ্য যে,ফৰকাটিঙত ৰেলৰ জৰিয়তে অতি সহজে উপলব্ধ হোৱা মাৰাত্মক ড্ৰাগছে নগৰখনৰ যুৱক-যুৱতীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে । অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ৰমৰমীয়া ভাৱে এই ড্ৰাগছৰ ব্যৱসায় চলি আহিছে ৷ মাজে সময়ে আৰক্ষীয়ে দুই এজন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও সম্পূৰ্ণৰূপে এই ড্ৰাগছ ব্যৱসায় ৰোধিবলৈ সক্ষম হোৱা নাই ৷
আৰু পঢ়ক: বুঢ়া আৰক্ষী চকীৰ নিলম্বিত আই চি মহেন্দ্ৰ শৰ্মাৰ মঙলদৈ সদৰ থানাত যোগদান