অসম

assam

ETV Bharat / state

বৰ্হি:বিশ্বৰ সৈতে যোগাযোগ কৰা গোলাঘাটৰ এটা জৰাজীৰ্ণ পথ - জৰাজীৰ্ণ ৰূপ

নিতৌ শ শ সৰু-বৰ বাহন এই পথটোৰে অসম আৰু নাগালেণ্ডত প্ৰৱেশ কৰে । কিন্তু পথটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিবলগীয়া হৈছে দুয়োখন ৰাজ্যৰ জনসাধাৰণে

মেৰামতিৰ অভাৱত পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত

By

Published : Apr 8, 2019, 8:22 AM IST

গোলাঘাট , 8 এপ্ৰিলঃ পাহাৰীয়া ৰাজ্য নাগালেণ্ডৰ ৱখা জিলাৰ পৰা বৰ্হি:বিশ্বৰ সৈতে যোগাযোগৰ এটা অন্যতম মুখ্য পথ হ'ল মেৰাপানীহৈ যোৱা উত্তৰ পূৱ পৰিষদৰ গুৰুত্বপূৰ্ণ পথটো । এই পথটোৰেই নিতৌ শ শ সৰু-বৰ বাহন অসম আৰু নাগালেণ্ডত প্ৰৱেশ কৰে । কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ এই পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদীন ধৰি জীয়াতু ভুগিবলগীয়া হৈছে দুয়োখন ৰাজ্যৰ জনসাধাৰণে ৷

মেৰামতিৰ অভাৱত পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত

বিশেষকৈ অসমৰ পৰা নাগালেণ্ডলৈ যাবলগীয়া মেৰাপানীৰ এই মূল প্ৰৱেশ পথটোৰ পৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে উত্তৰ পূৱ পৰিষদৰ জৰাজীৰ্ণ পথটোৱে । স্থানীয় ৰাইজে জনোৱা অনুসৰি মেৰামতিৰ অভাৱত পথটোৰ সোঁমাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে বাৰিষাৰ বতৰত এক-প্ৰকাৰৰ বন্ধ হৈ পৰে যান-বাহনৰ চলাচল ৷ উল্লেখ্য যে উক্ত পথটো কলিয়াবৰ লোকসভা আৰু গোলাঘাট বিধান সমষ্টিৰ অন্তৰ্গত হোৱা স্বত্বেও দুয়োখন ৰাজ্যৰ বিবাদমান এলেকা হোৱাত কোনো এখন চৰকাৰে পথটো মেৰামতি নকৰে বুলি অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত । সেয়ে বছৰ বছৰ ধৰি জীয়াতু ভুগি অহা সাধাৰণ লোকে পথটো অতি সোনকালে মেৰামতি কৰিবৰ বাবে চৰকাৰক দাবী জনায় ।

ABOUT THE AUTHOR

...view details