অসম

assam

ETV Bharat / state

দেৰগাঁৱত উদ্ধাৰ অচিনাক্ত মৃতদেহ

দেৰগাঁৱৰ গেলাবিলত নৈত উদ্ধাৰ হয় মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীয়ে ৷

By

Published : Aug 22, 2019, 10:22 PM IST

দেৰগাঁৱত উদ্ধাৰ অচিনাক্ত মৃতদেহ

দেৰগাঁও,22 আগষ্টঃদেৰগাঁৱত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। দেৰগাঁৱৰ গেলাবিল নৈত উদ্ধাৰ হৈছে এই মৃতদেহটো। নদীৰ সোঁতত উটি অহা মৃতদেহটো এজন অচিনাক্ত পুৰুষৰ। পুৱাভাগত ইকৰাণি গাঁৱৰ কেইগৰাকীমান যুৱকে গাঁওখনৰ কাষেৰে বৈ যোৱা গেলাবিল নৈৰ পাৰত ফুৰিবলৈ যোৱা অৱস্থাত পানীত ওপঙি অহা মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে অঞ্চলজৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । স্থানীয় ৰাইজ ঘটনা সৰ্ন্দভত খবৰ দিয়ে দেৰগাঁও আৰক্ষীক । আৰক্ষীৰ লোক কম সময়ৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হয় যদিও মৃতদেহ নৈৰ বুকুৰ পানীৰে কিছু আঁতৰলৈ যোৱাত উদ্ধাৰ কৰাত সমস্যাৰ সৃষ্টি হয়। দুপৰীয়া প্ৰায় বাৰ বজাত এখন নাঁও আনি ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত অচিনাক্ত পুৰুষৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনাটো প্ৰায় তিনি চাৰিদিনৰ পূৰ্বৰ বুলিয়েই সকলোৱে সন্দেহ কৰিছে। অনুমান হৈছে যে ,মৃত ব্যক্তিজন প্ৰায় ৩০/৩৫ বছৰীয়া এজন যুৱক ৷ ব্যক্তিজনক প্ৰকৃততে কোনোবাই হত্যা কৰি নৈত পেলাই দিছে নে এইয়া আত্মহত্যাৰ ঘটনা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মৃতদেহটো সম্প্ৰতি দেৰগাঁও আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে গোলাঘাটলৈ।

দেৰগাঁৱত উদ্ধাৰ অচিনাক্ত মৃতদেহ

ABOUT THE AUTHOR

...view details