অসম

assam

ETV Bharat / state

গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

মৃত্যু তিথি উপলক্ষে গোলাঘাটৰ কলেজ তিনি আলিৰ হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷

By

Published : Apr 30, 2019, 11:56 AM IST

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

গোলাঘাট , 30 এপ্ৰিল : আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি ৷ সেই উপলক্ষে মঙলবাৰে গোলাঘাটৰ কলেজ তিনিআলিৰ হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি সোনাৰাম ভঁৰালীয়ে বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৷ ইপিনে অন্য এগৰাকী আমন্ত্ৰিত অতিথি প্ৰাক্তন প্ৰৱক্তা দীনেশ গগৈয়ে ভাষাৰ ওজা গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে ৷ এই কাৰ্য্যসূচীত গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱাৰ , সাহিত্য সভাৰ বিষয়ববীয়া, জেষ্ঠ সাংবাদিক অপূৰ্ব বৰুৱা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া আৰু চৰকাৰী পেঞ্চনাৰ সন্থাৰ গোলাঘাটৰ সভাপতি জিতেন কাকতিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details