অসম

assam

ETV Bharat / state

সৰুপথাৰত হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি - কৰ্মশালা

পদুলীমুখত হেঁপাহৰ ব'হাগ ৷ সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰতো ব'হাগ বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

পদুলীমুখত হেঁপাহৰ ব'হাগ

By

Published : Apr 9, 2019, 10:56 AM IST

সৰুপথাৰ , 9 এপ্ৰিল : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাথো কেইটামান দিন বাকী | সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰতো হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

পদুলীমুখত হেঁপাহৰ ব'হাগ
ইয়াৰে অংশ হিচাপে সৰুপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধনশিৰি সাংস্কৃতিক সন্থাৰ সহযোগত ঢোল বাদন আখৰা অনুস্থিত কৰা হয় ৷ 31 মাৰ্চৰ পৰা 9 এপ্ৰিললৈ দহ দিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰা হয় এই বিহু নাচ আৰু ঢোল বাদন আখৰা ৷ এই কৰ্মশালাৰ জড়িয়তে অসমীয়া বিহু সংস্কৃতিক শুদ্ধ ৰূপত নাচিবলৈ আৰু গাবলৈ শিকোৱাৰ প্ৰয়াস কৰা হৈছে বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details