বোকাখাট,10 জুলাই: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে গোলাঘাটত শুকুৰবাৰে ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী (chandramohan patwari) । গোলাঘাট জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ লগত এক বৈঠকৰ মিলিত হোৱাৰ পাচতে প্ৰয়োজনত গোলাঘাট জিলা প্ৰশাসনক কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল মন্ত্ৰী গৰাকীয়ে ।
উল্লেখযোগ্য যে, তিনিদিনীয়া ভ্ৰমণসূচীৰে গোলাঘাট জিলালৈ যোৱা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত শনিবাৰে পুৱাৰ ভাগত বোকাখাত মহকুমাৰ ক’ভিড পৰিস্থিতি (COVID-19 SITUATIONS) সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।
বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত পৰ্যালোচনা সভাখনত কৃষি, পশু পালন ও পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু বহু উচ্চ পদস্থ বিষয়া প্ৰমুখ্যে বিজেপি আৰু অগপ দলৰ বিষয়াসকল উপস্থিত থাকে ।
সভাত উদ্যোগ মন্ত্ৰীগৰাকীয়ে বোকাখাত মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ লগতে গ্ৰামাঞ্চল আৰু চাহ বাগিচাসমূহত স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰসমূহত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় । তাৰ লগতে মহকুমা চিকিৎসালয়ত উপলব্ধ অক্সিজেন সৰ্ন্দভতো পৰিস্থিতিৰ বুজ লয় ।