অসম

assam

ETV Bharat / state

গৰাকীৰ অজ্ঞাতে 100 বিঘা মাটি নামজাৰি হ'ল অন্য লোকৰ নামত - গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দক্ষিণ হেঙেৰা কাঠনি পথাৰত নাইকীয়া হ'ল 100 বিঘা ম্যাদী পট্টাৰ মাটি । টকী ৰহমান হাজৰিকা নামৰ এজন মৃত ব্যক্তিৰ নামত আছিল উক্ত মাটি খিনি ।

corruption in Golaghat Revenue Circle
গৰাকীৰ অজ্ঞাতে 100 বিঘা মাটি নামজাৰি হ'ল অন্য লোকৰ নামত

By

Published : Sep 18, 2021, 5:31 PM IST

গোলাঘাট, 18 ছেপ্টেম্বৰ : অসম চৰকাৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত প্ৰায়ে সংঘটিত হ'বলৈ ধৰিছে ব্যাপক অনিয়ম ৷ ৰক্ষকেই ভক্ষকৰ ৰূপত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰী ৷ মাটি দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতে পোহৰলৈ আহিছে বহু ভয়ংকৰ কেলেংকাৰীৰ তথ্য ।

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দক্ষিণ হেঙেৰা কাঠনি পথাৰত নাইকীয়া হ'ল 100 বিঘা ম্যাদী পট্টাৰ মাটি । টকী ৰহমান হাজৰিকা নামৰ এজন মৃত ব্যক্তিৰ নামত আছিল উক্ত মাটি খিনি । টকী ৰহমান হাজৰিকাৰ পুত্ৰই মাটিখিনি দেউতাকৰ নামৰ পৰা নিজৰ নামত কৰিবলৈ যেতিয়া গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ যায়, তেতিয়াই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ ইতিমধ্যে তেওঁলোকৰ 100 বিঘা মাটি অন্য লোকৰ নামত নামজাৰি হৈছে ।

গৰাকীৰ অজ্ঞাতে 100 বিঘা মাটি নামজাৰি হ'ল অন্য লোকৰ নামত

লগতে পঢ়ক:উপ নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগৰে চৰ্চাত বিৰোধী দল কংগ্ৰেছ

অভিযোগৰ অনুসৰি, গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ দুজনমান লাট মণ্ডল আৰু পূৰ্বৰ চক্ৰ বিষয়াৰ আশীৰ্বাদতে 100 বিঘা ম্যাদী পট্টাৰ মাটি গৰাকীৰ অজ্ঞাতে নামজাৰি কৰা হ'ল আফতাৰ আহমেদ নামৰ এজন ব্যক্তিৰ নামত । উল্লেখ্য যে, টকী ৰহমান হাজৰিকাৰ পৰিয়াল চাকৰিৰ সূত্ৰে বাহিৰত থকাৰ বাবে উক্ত ভূমিৰ চোৱাচিতা কৰিবৰ বাবে আফতাৰ আহমেদ নামৰ ব্যক্তি জনক দায়িত্ব দিছিল ।

কিন্তু ভূমিৰ গৰাকীৰ অজ্ঞাতে আফতাৰে টকী ৰহমান হাজৰিকাৰ নাম থকা ভূমিখিনি নিজ পত্নীৰ নামত নামজাৰি কৰে । অভিযোগ অনুসৰি, ভূমি নামজাৰি প্ৰক্ৰিয়াত আফতাৰ আহমেদক সহযোগিতা কৰে গোলাঘাট ৰাজহ চক্ৰ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে । নিজৰ পৈতৃক সম্পত্তিখিনিও ৰাজহ চক্ৰ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবে হেৰুৱাব লগা হৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালটোৱে ৷

লগতে পঢ়ক:আগন্তুক 72 ঘন্টাৰ ভিতৰত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details