অসম

assam

By

Published : Jul 31, 2019, 2:05 PM IST

ETV Bharat / state

দুৰ্নীতি নিৰ্মূলত ব্যৰ্থ সোণোৱাল চৰকাৰ : বোকাখাতৰ পঞ্চায়তত দুৰ্নীতি !

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত দৰিদ্ৰ লোকৰ পৰা অবাধে ধন সংগ্ৰহ কৰাত লাগিছে বাদুলিপাৰা গাঁও পঞ্চায়তৰ পঞ্চায়তকৰ্মী ৷  হিতাধিকাৰীয়ে অনলাইন আৱেদন কৰাৰ বাবদ 200 টকাৰ পৰা 3000 টকা পৰ্যন্ত দিবলগা হৈছে পঞ্চায়তটোৰ সচিব আৰু গাঁও পঞ্চায়তটোৰ সমন্বয়কক ৷

বোকাখাতৰ পঞ্চায়তত দুৰ্নীতি

খুমটাই, জুলাই 31 : দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা সোণোৱাল চৰকাৰৰ বাবে এতিয়া অসম্ভৱ হৈ পৰিছে দুৰ্নীতি ৰোধ ৷ বিভিন্ন ছিণ্ডিকেটৰ পৰা আৰম্ভ কৰি পঞ্চায়ত পৰ্যায়লৈকে ৰঘুমলাৰ দৰে শিপাইছে দুৰ্নীতিয়ে ৷ কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত পোহৰলৈ আহিছে পঞ্চায়ত কৰ্মীৰ দুৰ্নীতিৰ তথ্য ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত দৰিদ্ৰ লোকৰ পৰা অবাধে ধন সংগ্ৰহ কৰাত লাগিছে বাদুলিপাৰা গাঁও পঞ্চায়তৰ পঞ্চায়তকৰ্মী ৷ হিতাধিকাৰীয়ে অনলাইন আৱেদন কৰাৰ বাবদ 200 টকাৰ পৰা 3000 টকা পৰ্যন্ত দিবলগা হৈছে পঞ্চায়তটোৰ সচিব আৰু গাঁও পঞ্চায়তটোৰ সমন্বয়কক ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে পঞ্চায়তৰ একাংশ ৱাৰ্ড সদস্যক কোনো কথা অৱগত নকৰি সচিব লক্ষীকান্ত শইকীয়াই নিজৰ মতে আৱণ্টন কৰাৰ কথা প্ৰকাশ কৰিছে একাংশ হিতাধিকাৰী আৰু ৱাৰ্ডৰ সদস্যই ৷ আনকি সচিব লক্ষীকান্ত শইকীয়াই ৱাৰ্ড সদস্য সকলৰ পৰাও ধন দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে, সমন্বয়ক গৰাকীয়ে হিতাধিকাৰী সকলে নিজে দিয়াৰ বাবেহে তেওঁ লয় বুলি নিজ মুখেৰেই স্বীকাৰ কৰা ঘটনাই পঞ্চায়ত স্তৰত সংঘটিত দুৰ্নীতিৰ বজাৰখন উদঙাই দিছে ৷ সচিব লক্ষীকান্ত শইকীয়াৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বাদুলিপাৰা পঞ্চায়তত ৷ পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে এই ঘটনাত জড়িত দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উল্লেখ কৰে ৷

বোকাখাতৰ পঞ্চায়তত দুৰ্নীতি

ABOUT THE AUTHOR

...view details