অসম

assam

ETV Bharat / state

অসমৰ হিন্দী বাতৰি কাকতে চুতীয়া জাতিক সজালে মুৰ্খ, বুৰ্বক - অসম

অসমৰ হিন্দী বাতৰি কাকতৰ অদূৰদৰ্শিতাৰ ফলত অসমৰ ভূমি পুত্ৰ চুতীয়া জাতিক অপমান । হিন্দী বাতৰি কাকতত উচ্চাৰণৰ ভিত্তিত বৰ্ণ প্ৰয়োগৰ ফলত চুতীয়া জাতিক সজালে মুৰ্খ আৰু বুৰ্বক ।

চুতীয়া জাতিক সজালে মুৰ্খ, বুৰ্বক

By

Published : May 28, 2019, 5:27 PM IST

Updated : May 28, 2019, 11:09 PM IST

গোলাঘাট, 28 মে' : অসমৰ অন্যতম ভূমি পুত্ৰ হৈছে চুতীয়া জাতি জনজাতিৰ লোক । কিন্তু এই জাতিটোৰ উপাধি শুদ্ধকৈ প্ৰয়োগ নকৰে অসমৰ হিন্দী বাতৰি কাকতসমূহে । বাতৰি কাকতৰ ভূল বৰ্ণ প্ৰয়োগৰ বিৰুদ্ধে হিন্দী বাতৰি কাকতৰ প্ৰতি ক্ষোভ প্ৰকাশ দেৰগাঁৱৰ প্ৰবীণ সাংবাদিক শিৱ দয়াল কাব্ৰাৰ ৷ হিন্দীত "चुटीया" বৰ্ণৰে জাতিটোক সম্বোধন কৰি সমগ্ৰ জাতিটোক অজানিতে নতুবা অদূৰদৰ্শিতাৰে অপমান বাতৰি কাকতখনৰ ৷

চুতীয়া জাতিক সজালে মুৰ্খ, বুৰ্বক

অসমীয়াত যিদৰে চৰকাৰ লিখাৰ বিপৰীতে হিন্দীত ''सरकार'' লিখা হয় ঠিক তেনেদৰে চুতীয়া জাতিৰ উপাধিও হিন্দী ভাষাত "चुटीया"ৰ বিপৰীতে "सुतीया" লিখিবলৈ হিন্দী বাতৰি কাকতসমূহকআহ্বান শিৱ দয়াল কাব্ৰাৰ । প্ৰবীণ সাংবাদিক গৰাকীয়ে এখন হিন্দী বাতৰি কাকতক এই বিষয়টো গুৰুত্ব দিব লৈ সম্পাদকীয় পত্ৰ লিখিছিল যদিও তেওঁৰ পত্ৰখনক সম্পাদনা কৰি প্ৰকাশ কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, হিন্দী ভাষাৰ সংবাদ মাধ্যমত সততে এই ভূল বাখ্যা পৰিলক্ষিত হৈ আহিছে ৷

Last Updated : May 28, 2019, 11:09 PM IST

ABOUT THE AUTHOR

...view details