অসম

assam

By

Published : Jun 19, 2020, 5:25 PM IST

ETV Bharat / state

গোলাঘাটত আৰম্ভ হৈছে নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

গোলাঘাটত দৈনিক ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ । দৈনিক ক'ভিড ১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধিৰ তালিকাখনলৈ লক্ষ্য কৰি জিলাখনত ইতিমধ্যে গণ সংক্ৰমণৰো আশংকা কৰা হৈছে । হোম কোৱাৰেণ্টাইনত থকা ভনীয়েকৰ সংস্পৰ্শলৈ আহি এইবাৰ ঘৰত থকা বায়েকৰ শৰীৰত কভিড 19 ৰ পজিটিভ ভাইৰাচ ।

Golaghat containment zone
গোলাঘাটত আৰম্ভ হৈছে নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

গোলাঘাট, ১৯জুন:গোলাঘাটত দৈনিক ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ । দৈনিক ক'ভিড ১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধিৰ তালিকাখনলৈ লক্ষ্য কৰি জিলাখনত ইতিমধ্যে গণ সংক্ৰমণৰো আশংকা কৰা হৈছে । তাৰোপৰি একাংশই হোম কোৱাণ্টাইনৰ নিৰ্দেশনা নমনাৰো অভিযোগ উঠিছে । ফলত গোলাঘাট জিলাখনত এক ভয়ংকৰ পৰিণতিৰ সন্দেহ কৰিছে সচেতন মহলে।

গোলাঘাটত আৰম্ভ হৈছে নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

বেঙ্গালোৰৰ পৰা উভতি আহি হোম কোৱাৰেণ্টাইনত থকা ভনীয়েকৰ সংস্পৰ্শলৈ আহি এইবাৰ ঘৰত থকা বায়েকৰ শৰীৰতো ধৰা পৰিছে কভিড 19 ৰ পজিটিভ ভাইৰাছ। এতিয়া পৰিয়ালৰ আনসকল সদস্যৰ লগতে প্ৰতিবেশীৰ মাজতো ভাইৰাছৰ সংক্ৰমণ আশংকা কৰা হৈছে । ইতিমধ্যে প্ৰশাসনে পৰিয়ালটোক কোৱাৰেণ্টাইন কৰাৰ লগতে সমগ্ৰ অঞ্চলটোকো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে।

গোলাঘাটত আৰম্ভ হৈছে নেকি ক'ৰণাৰ গণ সংক্ৰমণ !

মহামাৰী ক'ৰণাৰ এনে এক জটিল সন্ধিক্ষণত সকলোৱে চৰকাৰী নিৰ্দেশনা মানি সামাজিক দুৰত্ব বৰ্তাই প্ৰয়োজনতহে বাহিৰ ওলাবলৈ দি থকা সতৰ্কতামূলক নিৰ্দেশনা সমূহ নামানিলে শীঘ্ৰেই জিলাখন যে এক গভীৰ সংকটত পৰিব সেয়া নিশ্চিত।

লগতে চাওকঃ সংৰক্ষণৰ অভাৱত সংকটৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী

ABOUT THE AUTHOR

...view details