অসম

assam

By

Published : Apr 10, 2021, 7:51 AM IST

ETV Bharat / state

গোলাঘাটত বিদ্যুত বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক

গোলাঘাট বিদ্যুত উপ সংমণ্ডল কাৰ্যালয়ে গ্ৰাহকলৈ প্ৰেৰণ কৰিছে হাজাৰ টকীয়া বিল ৷ মাথো এমাহতে এটা পৰিয়াললৈ 37,000 টকাৰ বিল প্ৰেৰণ কৰিছে বিভাগে । বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ গ্ৰাহকসকল ৷

consumer-put-alegation-against-electricity-department
গোলাঘাট জিলাৰ বিদ্যুত উপভোক্তাৰ মাজত হাহাকাৰ

তিতাবৰ,10 এপ্ৰিল:অসম ৰাজ্যিক বিদ্যুত পৰিষদে প্ৰেৰণ কৰা বিল দেখি এতিয়া পেটতে হাত-ভৰি লুকাইছে গোলাঘাটৰ গ্ৰাহকসকলৰ । বিশেষকৈ জিলাখনৰ মেৰাপানী অঞ্চলৰ গ্ৰাহকসকলৰ মাজত এতিয়া বিদ্যুতৰ বিলে একপ্ৰকাৰ সৃষ্টি কৰিছে ত্ৰাসৰ ।

গোলাঘাট বিদ্যুত উপ সংমণ্ডল কাৰ্যালয়ে গ্ৰাহকলৈ প্ৰেৰণ কৰিছে হাজাৰ টকীয়া বিল ৷ মাথো এমাহতে এটা পৰিয়াললৈ 37,000 টকাৰ বিল প্ৰেৰণ কৰিছে বিভাগে । বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰিছে গ্ৰাহকসকল ৷ নিয়মীয়াকৈ বিদ্যুত মাচুল পৰিশোধ কৰি অহাৰ পাছতো এমাহতে হাজাৰ হাজাৰ টকাৰ বিদ্যুত বিল হাতত পৰাৰ পাছত স্বাভাৱিকতেই বিদ্যুত পৰিষদৰ প্ৰতি প্ৰতিবাদমুখৰ হৈ পৰিছে গ্ৰাহকসকল ।

গোলাঘাটত বিদ্যুত বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক

ইফালে একাংশ গ্ৰাহকলৈ বিদ্যুত বিলৰ লগতে লোক আদালতৰ জাননী অহাত শংকিত হৈ পৰিছে গ্ৰাহকসকল । এই ক্ষেত্ৰত বিদ্যুত পৰিষদক শীঘ্ৰে এক উচিত পদক্ষেপ গ্ৰহণ কৰি সমস্যা সমাধানৰ আহ্বান জনাইছে গ্ৰাহকসকলে ।

লগতে পঢ়ক:পাঠশালা কোষাগাৰৰ বিৰুদ্ধে শিক্ষকৰ গুৰুতৰ অভিযোগ

ABOUT THE AUTHOR

...view details