গোলাঘাট, 19 জুন : বিভিন্ন অপৰাধসমূলক কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চোৰাং কাৰ্যকলাপৰ বিৰুদ্ধে চলাইছে অভিযান ৷ ইয়াৰ সমান্তৰালকৈ দেৰগাঁৱতো শুকুৰবাৰে নিশা আৰক্ষীৰ এক অভিযানত দুখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় দেৰগাঁও আৰক্ষী ৷
দেৰগাঁও আৰক্ষী (Dergaon Police)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজিৎ গগৈৰ নেতৃত্বত চোৰাং কয়লাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ হয় ট্ৰাক দুখন ৷ জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি চোৰাং কয়লা সৰবৰাহ কৰা দুখন গাড়ী জব্দ কৰবলৈ দেৰগাঁও আৰক্ষী (Dergaon Police)য়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বেৰিকেট পাতি গাড়ী ৰখাবলৈ সংকেত দিছিল ৷ কিন্তু গাড়ীৰ চালকে আৰক্ষীৰ সংকেত নামানি বেৰিকেট ভাঙি আৰক্ষীক মহতিয়াই নিয়াৰ চেষ্টা কৰিছিল ৷
দেৰগাঁও আৰক্ষীৰ অভিযানত জব্দ দুখন কয়লাভৰ্তি ট্ৰাক অৱশেষত দেৰগাঁও আৰক্ষী (Dergaon Police)য়ে ট্ৰাক কেইখনক খেদি খেদি দেৰগাঁৱৰ নিকতৱৰ্তী বাদুলিপাৰাত জব্দ কৰাৰ লগতে ট্ৰাক দুখনৰ চালক হেন্দিমেনক ধৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য মতে, AS15C-4898 আৰু AS01KC-1333 নম্বৰৰ কয়লাভৰ্তি ট্ৰাক দুখন নিমনাগড়ৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ৷
আনহাতে, দেৰগাঁও আৰক্ষী (Dergaon Police)য়ে দুয়োখন ট্ৰাক জব্দ কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, দেৰগাঁও আৰক্ষী (Dergaon Police)ৰ অভিযানত যোৱা ১৫ দিনৰ ভিতৰত ছখনকৈ অবৈধ কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে ১২ জন লোকক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । এতিয়া দেৰগাঁও আৰক্ষী (Dergaon Police) চোৰাং কয়লা সৰবৰাহৰ বিৰুদ্ধে আৰু সষ্টম হৈ পৰিছে ৷
লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা