অসম

assam

ETV Bharat / state

ফৰকাটিং ৰেলৱে’ জংচনৰ সমীপত দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰ-পিট

দুটা পক্ষৰ সংঘাতত উত্তাল ফৰকাটিং ৰেলৱে’ জংচন ৷ হকী ষ্ট্ৰিক, ৰ’ড, হাতুৰীৰে দুই পক্ষৰ আক্ৰমণ প্ৰতি আক্ৰমণ ফলত চাৰিজনকৈ লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ।

clash between two party in forkating railway jung
clash between two party in forkating railway jung

By

Published : Aug 9, 2020, 5:09 AM IST

গোলাঘাট, 8 আগষ্ট : ফৰকাটিং ৰেলৱে’ জংচনৰ সমীপত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰ-পিট। হকী ষ্ট্ৰিক, ৰ’ড, হাতুৰীৰে দুই পক্ষৰ আক্ৰমণ প্ৰতি আক্ৰমণ ফলত চাৰিজনকৈ লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত । আঘাতপ্ৰাপ্ত লোক কেইজন তপন নাথ, ধীৰাজ গগৈ, পুলিন শইকীয়া আৰু মেৰাণ নাথ । যাৰ ফলত ফৰকাটিংত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ফৰকাটিং ৰেলৱে’ জংচনৰ সমীপত দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰ-পিট

সংঘাতৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও গোলাঘাটৰ ফৰকাটিং জংচনৰ ভাৰতীয় খাদ্য নিগমৰ চাউল ৰেকৰ লোডিং আৰু আনলোডিং নিবিদাক লৈ এই সংঘাত হৈছে বুলি সন্দেহ প্ৰকাশ । ইয়াৰে তপন নাথ, মেৰাণ নাথ, পুলিন শইকীয়া গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ আনহাতে আনটো ফৈদৰ আহত হোৱা ধীৰাজ গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰে চিকিৎসকে । ঘটনাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব।

লগতে পঢ়ক :ৰজাঘৰৰ দ্বাৰা অৱহেলিত এগৰাকী বৰ্ষীয়ান ভাস্কৰ্য শিল্পী

ABOUT THE AUTHOR

...view details