গোলাঘাট,23 নৱেম্বৰ : সোমবাৰে AITUC, CITU, INTUCৰ অন্তৰ্গত অসম চাহ মজদুৰ সংঘ আৰু AITUCC গোলাঘাট জিলা সমিতিয়ে এখন বিশাল সভা অনুষ্ঠিত কৰে লগতে ২৬ নৱেম্বৰত দেশজুৰি হ'বলগীয়া সাধাৰণ ধৰ্মঘট সফল কৰাৰ উদ্দেশ্যেৰে এখন সভা আৰু প্ৰতিবাদী সমদল উলিয়াই ৷ সভাত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷
গোলাঘাটত চি আই টি ইউৰ প্ৰতিবাদী সমদল - সৰ্বানন্দ সোণোৱাল হাই হাই
নিখিল ভাৰত কৃষক সমিতিৰ আহ্বানত গোলাঘাটত চি আই টি ইউৰ প্ৰতিবাদী সমদল ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, শ্ৰমিক, কৃষক আৰু নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত বিভিন্ন শ্ল'গানেৰে গোলাঘাটৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
গোলাঘাটত চি আই টি ইউৰ প্ৰতিবাদী সমদল
উল্লেখ্য যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, শ্ৰমিক, কৃষক, নিবনুৱা যুৱক যুৱতীৰ স্বাৰ্থ বিৰোধী নীতি পৰিবৰ্তনৰ দাবী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে অভিযোগ তুলি দেশজুৰি ২৬ নৱেম্বৰত সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে CITU য়ে । সোমবাৰে বি জে পি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল হাই হাই, বি জে পি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ সমগ্ৰ ৰাজপথ।
লগতে পঢ়ক:আৰম্ভ হৈছে ইউপিপিএলৰ পৰিৱৰ্তন যাত্ৰা