গোলাঘাট,3জুলাইঃগোলাঘাটৰ জিলাৰ নুমলীগড়ত চি আই এছ এফৰ উদ্যোগত বন মহোৎসৱ উদযাপন। এদিনত চাৰি শতাধিক গছপুলি ৰোপণ, পৰিৱেশ সুৰক্ষা আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে এই পদক্ষেপ চি আই এছ এফে। বন মহোৎসৱ উপলক্ষে "কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ"নুমলীগড় শাখাই পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে গ্ৰহণ কৰিছে বিস্তৃত কাৰ্যসূচী।
চি আই এছ এফৰ উদ্যোগত বন মহোৎসৱ উদযাপন এন আৰ এলৰ সুৰক্ষাত নিয়োজিত কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান সকলে বিভিন্ন সময়ত সমাজৰ উন্নয়নমূলক কাম সমূহত নিজকে নিয়োজিত কৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দি আহিছে।
চি আই এছ এফৰ উদ্যোগত বন মহোৎসৱ উদযাপন এফালে যদি নিষ্ঠাৰে পালন কৰিছে নিজ কৰ্তব্য আনফালে দেখুৱাইছে সামাজিক দায়বদ্ধতাৰ নিদৰ্শন। বন মহোৎসৱৰ আৰম্ভণিৰ দিনটোৰ পৰাই নুমলীগড় শাখা উপ অধীক্ষক পাউল চেইছেৰ নেতৃত্বত ৰাজহুৱা স্থান সমূহত সামাজিক সংগঠনৰ সহযোগত গছপুলি ৰোপণ কৰিছে।
চি আই এছ এফৰ উদ্যোগত বন মহোৎসৱ উদযাপন শুকুৰবাৰে বিষ্ণুপুৰৰ কল্পতৰু নামঘৰ প্ৰাঙ্গনত বন বিভাগ,নামঘৰ সমিতি আৰু ৰাইজৰ সহযোগত চাৰিশ গছপুলি ৰোপন কৰে। কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীয়ে আগন্তুক বৰ্ষটোত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত ৫০ হাজাৰ গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি জানিবলৈ দিয়ে চি আই এছ এফে।
লগতে পঢ়কঃ গুৱাহাটী আই আই টিত কোভিড চিকিৎসালয় মুকলি