অসম

assam

By

Published : Nov 8, 2019, 6:17 PM IST

ETV Bharat / state

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক আত্মসাৎঃ গোচৰ ৰুজু ভুক্তভোগী পৰিয়ালৰ

গোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালে লাভ কৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক আত্মসাৎ কৰাৰ অভিযোগ ৷ বিভিন্ন দল সংগঠনৰ সহযোগত গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে পৰিয়ালটোৱে।

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক আত্মসাৎঃ গোচৰ ৰুজু ভুক্তভোগী পৰিয়ালৰ

গোলাঘাট, 8 নৱেম্বৰঃগোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালে লাভ কৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক আত্মসাৎ কৰাৰ অভিযোগ ৷ ভুক্তভুগী পৰিয়ালটোৱে উপাই বিহীন হৈ এতিয়া সহায় বিচাৰিছে দল সংগঠনৰ ৷

উল্লেখযোগ্য যে, গোলাঘাটৰ থুৰামুখ বেবেজীয়াৰ অজিত ফুকন নামৰ যুৱকজন দুবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ বাবদ মাটি সম্পত্তি বিক্ৰী কৰি লক্ষাধিক টকা খৰচ কৰে যদিও সুস্থ হৈ উঠা নাই অজিত ফুকন । পৰিয়ালটোৱে চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আবেদন জনায় ৷ সেই অনুসৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এখন চেক প্ৰদান কৰে বুলি জানিব পাৰিছে পৰিয়ালটোৱে।

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক আত্মসাৎঃ গোচৰ ৰুজু ভুক্তভোগী পৰিয়ালৰ

এই ক্ষেত্ৰত বিশেষ জ্ঞান নথকাৰ বাবে তিতাবৰৰ বগা গাঁওৰ সম্পৰ্কীয় পবিত্ৰ শইকীয়া নামৰ লোকজনক চেক খনৰ সমস্ত দায়িত্ব দিয়ে যুৱকজনৰ পৰিয়ালে । কিন্তু পৱিত্ৰ শইকীয়াই কিছু দিনৰ পিছতেই উক্ত চেকখন হেৰুৱা বলি জানিবলৈ দিয়ে পৰিয়ালটোক । তাৰোপৰি দৰিদ্ৰ পৰিয়ালটোক এই ক্ষেত্ৰত আইনৰ কাষ চপাৰ পৰা বিৰত থাকিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে। পৰিয়ালটোৱে উপাই বিহীন হৈ সহায় বিচাৰি কাষ চাপিছিল বিভিন্ন দল সংগঠনৰ ৷ ইফালে অসম জাতীয়তাবাদী যুৱ পৰিষদ মৰঙি আঞ্চলিকৰ সভাপতি মানব গগৈ, সাংগঠনিক সম্পাদক ৰাজীব লস্কৰ, টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ সহযোগত পৰিয়ালটোৱে গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। অতি শীঘ্ৰে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা অহা ধনখিনি পৰিয়ালটোৱে যাতে লাভ কৰে তাৰ বাবে আহ্বান জনোৱাৰ লগতে ঘটনাৰ লগত জড়িত অভিযুক্তক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দবী জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক- বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল

ABOUT THE AUTHOR

...view details