গোলাঘাট,21 নৱেম্বৰ :শনিবাৰে সূৰ্যক অৰ্ঘ প্ৰদান কৰাৰ পিছতে সামৰণি পৰে শ্ৰীশ্ৰী সূৰ্যষষ্ঠী ব্ৰত পূজাৰ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ গোলাঘাটতো দেখা যায় সূৰ্যক আৰাধনাৰ বাবে সমবেত হোৱা ভক্তৰ সমাগম ৷ শুকুৰবাৰ-শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ষট পূজা ৷ বিশেষভাৱে এই উৎসৱ হিন্দীভাষী লোকসকলৰ মাজত প্ৰচলিত ৷ উদয় হোৱা আৰু অস্ত যোৱা সূৰ্যক নমন কৰা একমাত্ৰ উৎসৱ হৈছে এই ষট পূজা ৷
শুকুৰবাৰে নৈৰপাৰৰ পৰা ঘৰমুখী হোৱাৰ পিছত শনিবাৰে পুৱা পুনৰ নৈৰ পাৰলৈ আহি উদিত সূৰ্যক আৰাধনা কৰে ভক্তসকলে ৷ গোলাঘাটৰ নুমলীগড়ৰ কালিয়নী নদীৰ কানাইঘাটতো ষট পূজাৰ ব্যাপক আয়োজন কৰা হয় ৷ লগতে লৱণঘাট, দৈগ্ৰোং নদীৰ পাৰতো সম্পন্ন হয় ষট পূজা ৷ সম্পূৰ্ণ তিনিদিন ব্ৰতত থাকি তিনিদিনৰ অন্তত শুক্লা ষষ্ঠী তিথিত মনোবাঞ্ছা পূৰণৰ অৰ্থে পানীত নামি উদিত সূৰ্য দেৱতাক প্ৰণাম কৰে ভক্তসকলে ৷