অসম

assam

By

Published : Nov 15, 2019, 10:14 PM IST

ETV Bharat / state

বানত ক্ষতিগ্ৰস্তৰ বুজ ল'বলৈ গোলাঘাটত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ দল

বান ক্ষতিগ্ৰস্তৰ বুজ ল'বৰ বাবে গোলাঘাটত উপস্থিত হ'ল কেন্দ্ৰীয় চৰকাৰৰ এটা দল ৷ দলটোৱে কেৱল এখন গাঁৱতহে উপস্থিত হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

কেন্দ্ৰীয় চৰকাৰৰ দল উপস্থিত গোলাঘাটত

গোলাঘাট, 15 নৱেম্বৰ : বানত ক্ষতিগ্ৰস্তৰ বুজ ল'বৰ বাবে শুকুৰবাৰে গোলাঘাটত উপস্থিত হ'ল কেন্দ্ৰীয় চৰকাৰৰ এটা চাৰিজনীয়া দল । কাঠকটীয়া গাঁৱৰ ৰাইজৰ পৰা পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ অন্তত উপায়ুক্তৰ সভাকক্ষত আলোচনাত মিলিত হয় দলটো । পিচে ৰাইজৰ অভিযোগ, এখন গাঁও ভ্ৰমণ কৰি বাকী উপায়ুক্তৰ কাৰ্যালয়ত বহি পাৰ কৰিলে দলটোৱে ৷

কেন্দ্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগৰ দলটোত আছিল বিষয়া অজয় গংগোৱান, কেন্দ্ৰীয় গ্ৰামোন্নয়ন সচিব এচ. বি. তিৱাৰী, যুটীয়া সচিব জিণ্টু দাস আৰু ৰাজ্যিক দূৰ্যোগ প্ৰশমনৰ প্ৰকল্প বিষয়া কৃপালজ্যোতি মজুমদাৰ।

কেন্দ্ৰীয় চৰকাৰৰ দল উপস্থিত গোলাঘাটত

কেৱল এখন গাঁৱৰহে অৱস্থাৰ বুজ লোৱাত ৰাইজে অভিযোগ উত্থাপন কৰে যে, এখন গাঁৱত নিয়মমাফিক বুজ ল'লে কেন্দ্ৰীয় দলটোৱে প্ৰকৃত সমস্যাৰ উমান ল'ব নোৱাৰিব । ধনশিৰি মহকুমাকে সামৰি দেৰগাঁও, খুমটাই অঞ্চলত বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰি আহিছে । জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহলৈ গৈ কেন্দ্ৰীয় দলটোৱে ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ প্ৰয়োজন আছিল বুলি মন্তব্য কৰে ৰাইজে ৷

আৰু পঢ়ক : পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ "মহাবীৰ লাচিত বঁটা"

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details