সৰুপথাৰ , 30 মে':ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ মাজেৰে যোৱা ৰেংমা আলিপথৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ পথটো যাতায়তৰ বাবে অনুপযোগী হৈ উঠিছিল ৷ সেয়ে বৰপথাৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ীয়ে পথটো মেৰামতিৰ বাবে আগবাঢ়ি আহে ৷
চৰকাৰ নাই, সেয়েহে ব্যক্তিগত পুঁজিৰে নিৰ্মাণ ৰাজপথ ! - ব্যৱসায়ী
পথৰ মাজত সৃষ্টি হোৱা দ দ গাঁতত থকা বোকা মাটি সমূহ যন্ত্ৰৰ দ্বাৰা খান্দি আঁতৰাই পুনৰ তাত চেণ্ড গ্ৰেভেল দি পথৰ মেৰামতি কৰে ব্যৱসায়ী গৰাকীয়ে ৷
বৰপথাৰ নগৰস্থিত এক নং ৱাৰ্ডৰ বৰপথাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মূখৰ ৰাষ্টাটোৰ প্ৰায় দুশ মিটাৰ জৰাজীৰ্ণ অৱস্থাত আছে ৷ উৰিয়ামঘাটৰ পৰা অত্যাধিক ওজনৰ শিল, চেণ্ড গ্ৰেভেল আদি কঢ়িয়াই অনা ডাম্পাৰসমূহ এই পথেদি চলাচল কৰি অহাৰ বাবেই পথটোৱে দিনক দিনে বিধস্ত ৰূপ লৈছিল ৷ ইপিনে গড়কাপ্টানী বিভাগ আৰু বৰপথাৰ নগৰ সমিতিয়ে পথটোৰ কোনো মেৰামতি নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছিল ৷ ইয়াৰোপৰিও বিভিন্ন দল সংগঠনে বাৰম্বাৰ গড়কাপ্টানী বিভাগ তথা নগৰ সমিতিক অনুৰোধ কৰাৰ পাচতো কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ সেয়ে বৰপথাৰৰ এজন ব্যৱসায়ী প্ৰদীপ বৰবৰায়ে সম্পূৰ্ণ নিজা খৰচত প্ৰায় 40 ডাম্পাৰ চেণ্ড গ্ৰেভেলৰে পথটো যাতায়তৰ বাবে সূচল কৰি তোলে ৷ পথৰ মাজত সৃষ্টি হোৱা দ দ গাঁতত থকা বোকা মাটি সমূহ যন্ত্ৰৰ দ্বাৰা খান্দি আঁতৰাই পুনৰ তাত চেণ্ড গ্ৰেভেল দি পথৰ মেৰামতি কৰে ব্যৱসায়ীগৰাকীয়ে ৷ সৰুপথাৰ গড়কাপ্টানী(গ্ৰাম্য) পথ সংমণ্ডলৰ অধীনৰ বৰপথাৰ-উৰিয়ামঘাট সংযোগী ৰেংমা আলিটোৰ বিধস্ত অংশ , ব্যৱসায়ী প্ৰদীপ বৰবৰাই নিজা খৰচত মেৰামতি কৰি দিয়াত ৰাইজে সন্তোষ লাভ কৰিছে |