ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি ধনশিৰি মহকুমাৰ নাওজানত - নাঁওজানত
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ধনশিৰি মহকুমাৰ নাওজানবাসীও বিহুক আদৰাৰ বাবে পূৰ্ণৰূপত প্ৰস্তুতি আৰম্ভ কৰিছে । হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ গাভৰুসকলে তাঁতশালত আপোনজনৰ বাবে চেনেহৰ গামোছা লগোৱাৰ উপৰিও পিঠা পনা আদি বনোৱাৰ বাবেও প্ৰস্তুতি চলাইছে ।
ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি ধনশিৰি মহকুমাৰ নাঁওজানত
"অতিকে চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো " । অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ বিহুক লৈ এতিয়াব্যস্ত অসমবাসী । প্ৰকৃতিৰ বুকুত বৰদৈচিলাৰ আগমণৰ লগে-লগে গছৰ ডালত কুলি-কেতেকীৰ সুৱলা মাতে বিহুবলীয়া অসমবাসীক বলিয়া কৰি তুলিছে ।