অসম

assam

ETV Bharat / state

Bhupen Hazarika: ৯৭ তম্ জন্ম বাৰ্ষিকীত সৰুপথাৰত গীতে মাতে ভূপেন্দ্ৰ স্মৰণ

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৭ তম্ জন্ম বাৰ্ষিকী আজি ৰাজ্য়জুৰি পালন কৰা হয় ।

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:27 PM IST

Updated : Sep 8, 2023, 10:50 PM IST

Bhupen Hazarika 97th birthday
সৰুপথাৰত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

সৰুপথাৰত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

সৰুপথাৰ, ৮ ছেপ্টেম্বৰ: আজি ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক জন্মদিন । ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হয় শিল্পীগৰাকীৰ ৯৭ সংখ্যক জন্মজয়ন্তী । অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰিছে যাযাবৰী শিল্পীগৰাকীক ৷ বিশ্ববৰেণ্য শিল্পী অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিনত তেওঁৰ শেষ ঠিকনা জালুকবাৰী সমাধি ক্ষেত্ৰতো আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ ।‌ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা হয় ৷ সৰুপথাৰ মহাবিদ্যালয়টো এই দিৱস পালন কৰা হয় ।

সুধাকণ্ঠৰ জন্ম দিৱস উপলক্ষে সৰুপথাৰ মহাবিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত জিলাভিত্তিক "ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা" অনুষ্ঠিত হয় । মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিক নৱপ্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰসাৰ-প্ৰচাৰ কৰা হৈছে এই অধ্যয়ন কেন্দ্ৰটোৰ মূল উদ্দেশ্য । লগতে পঢ়ক:Bhupen Hazarika: জালুকবাৰীৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ অনুষ্টুপীয়া অনুষ্ঠান; মন্তব্য প্ৰদানৰ পৰা বিৰত সাংস্কৃতিক মন্ত্ৰী

সৰুপথাৰ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত "ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা"ৰ বিচাৰক হিচাপে উপস্থিত থাকে তৰুণ শৰ্মা আৰু চিত্ৰা দেৱ। আজি প্ৰতিযোগীতাখনত গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা ১৯ গৰাকী প্ৰতিযোগীয়ে সুমধুৰ কণ্ঠত গীত পৰিৱেশন কৰে । প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে নাওজানৰ ফাৰহিন আলিয়ে । আনহাতে, দ্বিতীয় নুমলীগড়ৰ আইলীন গগৈ । তদুপৰি তৃতীয় স্থান যুটীয়াভাৱে অন্বেষা গোঁহাই আৰু অলিম্পী শ্যাম গগৈয়ে লাভ কৰে । লগতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে গোলাঘাটৰ আকাশনীল নেওগে ।

লগতে পঢ়ক:Pabitra Margherita: বাগানে বাগানে যি ৰাস্তাত ভূপেন বৰাই চাইকেল চলাইছে সেই ৰাস্তা বিজেপিৰ দিনত হৈছে; কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

উল্লেখ্য় যে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ওপজা দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ শেষ ঠিকনা সমাধিক্ষেত্ৰত বিভিন্ন গুণমুগ্ধৰ সমাগম হয় ।

লগতে পঢ়ক:Bhupen Hazarika 97th birthday: ‘‘মানুহে মানুহৰ বাবে...’’ সুধাকণ্ঠৰ ওপজা দিনত সমাধিত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

Last Updated : Sep 8, 2023, 10:50 PM IST

ABOUT THE AUTHOR

...view details