গোলাঘাট, 7 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ মূল্য ৷ ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ গোলাঘাট জিলাতো ছাত্ৰ সন্থাৰ সদস্য সকলে চৰকাৰ তথা যোগান মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইফালে প্ৰতিবাদকাৰী সকলে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কাঁহী-বাটি বজোৱাৰ লগতে আলু-পিয়াঁজৰ মালা পিন্ধি ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়াই ৷ প্ৰতিবাদী সমদলটোৱে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই বুলি অভিযোগ কৰে ।