অসম

assam

ETV Bharat / state

গোলাঘাটত আঘাত প্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ - বন বিভাগ

গোলাঘাট বিজুলী বনাঞ্চলত এটা আঘাত প্ৰাপ্ত বন্যহস্তীৰ আর্তনাদ । বিজুলী বনাঞ্চলৰ দখৰা পথাৰ অঞ্চলত বিনা চিকিৎসাৰে মৃত্যুৰে যুঁজিছে প্ৰাপ্ত বয়স্ক হাতীটোৱে।

গোলাঘাটত আঘাত প্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ
গোলাঘাটত আঘাত প্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ

By

Published : Mar 31, 2020, 3:24 PM IST

গোলাঘাট, 31 মাৰ্চঃগোলাঘাট বিজুলী বনাঞ্চল দখৰা পথাৰ অঞ্চলত দীৰ্ঘদিন ধৰি এটা বন্যহস্তীৰ আর্তনাদ শুনি আহিছে স্থানীয় ৰাইজে । আঘাত প্ৰাপ্ত হাতীটোৱে বিচৰণ কৰি আছিল অঞ্চলটোত । আৰু এতিয়া হাতীটোৰ অৱস্থা ক্ৰমাৎ বেয়া হোৱাত দেওবাৰে দিনৰ ভাগৰ পৰা হাতীটোৱে দখৰা পথাৰ অঞ্চলতে অৱস্থান কৰি আছে । হাতীটোৰ আগ ভৰিৰ সোঁ ফালৰ ভৰিত আঘাতৰ চিন স্পষ্ট ।

আঘাত প্ৰাপ্ত বন্যহস্তীটো

ইফালে স্থানীয় লোকৰ সন্দেহ কোনো দুস্কৃতিকাৰীয়ে হাতীটোক গুলীয়াই হত্যাৰ চেষ্টা চলাইছিল বুলি সন্দেহ স্থানীয় লোকৰ । কাৰণ পূৰ্বে বহুকেইটা বন্যহস্তী এই বিজুলী বনাঞ্চলৰ মাজতে দুস্কৃতিকাৰীয়ে হত্যা কৰি মাংস আৰু দাঁত লৈ উধাও হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে । আনহাতে স্থানীয় লোকৰ অভিযোগ বৰ্তমান পৰ্যন্ত বন বিভাগৰ কোনো লোকে উপস্থিত হৈ প্ৰত্যক্ষ কৰা নাই হাতীটো বা লোৱা নাই কোনো চিকিৎসাৰ ব্যৱস্থা।

গোলাঘাটত আঘাত প্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ

লগতে চাওকঃ খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ উৎপাদিত ফচল

ABOUT THE AUTHOR

...view details