গোলাঘাট, ১০ অক্টোবৰ: নুমলীগড়ৰ পোৰাবাংলাত বন্যহস্তীৰ ত্ৰাস। এফালৰ পৰা মহতিয়াই নিছে পথাৰৰ ধান। জাকৰ পৰা আঁতৰি জনাঞ্চলত উপদ্ৰৱ চলাইছে এটা বনৰীয়া হাতীয়ে। প্ৰথমে গাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ, ভঁৰাল তচনচ কৰে। ইয়াৰ পিছতে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰে। বনহস্তীটোৱে উপদ্ৰৱ কৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ। হাতী খেদোৱাৰ চেষ্টা কৰিও বিফল হোৱাত বন বিভাগক খবৰ দিয়ে।
গোলাঘাটত হাতী-মানুহৰ সংঘাত - নুমলীগড়
গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ। হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ দৃশ্য বন্দী হ'ল কেমেৰাত। শূন্যলৈ গুলীচালনা কৰিও হাতী খেদাত ব্যৰ্থ বন বিভাগ।
গোলাঘাটত হাতী-মানুহৰ সংঘাত
আনহাতে, বন বিভাগৰ লোকে শূন্যলৈ গুলীচালনা কৰিও বনৰীয়া হাতীটো জাকৰ মাজলৈ খেদি পঠিওৱাত ব্যৰ্থ হয়। হাতীৰ এটা জাক সমীপৰে হাবিত আশ্ৰয় লৈ আছে। এই জাকটোৰ পৰা আঁতৰি আহি জনাঞ্চলত প্ৰৱেশ কৰিছিল হাতীটোয়ে। ইফালে, বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে পোৰাবাংলাবাসী। ইয়াৰ পূৰ্বেও বন্যহস্তীয়ে খাদ্যৰ সন্ধানত নুমলীগড়ত জনাঞ্চলত উপদ্ৰৱ চলাইছে।
লগতে পঢ়ক:কৰিমগঞ্জৰ শিৱানী হত্যাকাণ্ডৰে জড়িত এক অভিযুক্তক গ্ৰেপ্তাৰ