সৰুপথাৰ,7 জুলাই: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ এগৰাকী সংগীত শিল্পী ৷ বৰপথাৰৰ শিল্পী গৰাকী হৈছে তাপস প্ৰতীম বৰা ৷ 1983 চনৰ পৰাই সংগীতৰ সৈতে জড়িত শিল্পীগৰাকীয়ে বৰ্তমান ভূগিছে তীব্ৰ আৰ্থিক সংকটত ৷ কিয়নো সম্প্ৰতি ৰোগত আক্ৰান্ত শিল্পীগৰাকীৰ নাই চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন ৷ আনকি এসাঁজ ভাতৰ বাবে শিল্পীগৰাকীৰ হাতত জমা নাই কোনো ধন ৷ তদুপৰি শিল্পীগৰাকীয়ে আজিকোপতি লাভ কৰা নাই কোনো সাহায্য় বাব চৰকাৰৰ ফালৰ পৰা সঁহাৰি ৷ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বৰপথাৰৰ শিল্পী তাপস প্ৰতীম বৰা ৷
উল্লেখ্য যে,সুদীৰ্ঘ সময়ৰ পৰা শিল্পীগৰাকীৰ দখল আছিল সাংস্কৃতিক জগতখনৰ লগতে সংগীত জগতত ৷ প্ৰায় সকলো প্ৰকাৰৰ বাদ্যযন্ত্ৰ বজাব জনা শিল্পীগৰাকীয়ে ন-শিকাৰুসকলক দীৰ্ঘদিনে সংগীতৰ লগতে বাদ্য়যন্ত্ৰৰ শিক্ষা প্ৰদান কৰি আহিছিল ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে ৷ অসমৰ বিশিষ্ট সংগীত শিল্পী তথা পৰিচালক জেপি দাস, অৰুণ দাস আৰু সন্ধ্যা মেননৰ দৰে শিল্পীসকলে তাপস বৰাৰ দ্বাৰা ৰচিত বহুকেইটা গীতত কণ্ঠদান কৰিছিল ৷ এয়া আছিল প্ৰায় 1993-94 চনৰ কথা ৷ ইয়াৰোপৰি মহানগৰীস্থিত ষ্টুডিঅ’ ড্ৰীমছৰ স্বত্বাধিকাৰী তথা সুকণ্ঠী গায়িকা তৰালি শৰ্মাৰ স্বামী ফণীন্দ্ৰ বৰদলৈৰ একালৰ প্ৰিয় শিষ্য এইগৰাকী শিল্পী ৷ প্ৰায় 27 বছৰে সংগীত ক্ষেত্ৰত জড়িত তাপস প্ৰতীম বৰাই কিন্তু অৱহেলিত হৈ আহিছে ৰজাঘৰীয়াৰ দ্বাৰা ৷