বোকাখাত,২৬ নৱেম্বৰ : বোকাখাতত অহা ৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা ২০২২ (All Assam Masters Athletics Championship 2022)। বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । ৮ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ চলিব এই ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা (Masters Athletics Championship in Bokakhat)।
সংবাদমেলযোগে বোকাখাত মাষ্টাৰ্চ এথলেটিকচ সন্থাই এই কথা প্ৰকাশ কৰে । সন্থাই জনোৱা মতে ৰাজ্যৰ মুঠ ১,৪০৫ গৰাকী প্ৰবীণ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । মুঠ ২৫ টা ইভেণ্টত খেল অনুষ্ঠিত হ'ব । পুৰুষ খেলুৱৈ ৭৯৯ গৰাকী আৰু মহিলা ৬০৬ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা ।
ৰাজ্যৰ ৩৩ খন জিলাৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি সন্থাই জনাইছে । ৮ ডিচেম্বৰৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা আছে । উদ্বোধনী অনুষ্ঠানৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে বোকাখাত মাষ্টাৰ্চ এথলেটিকচ সন্থাই । যাৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিভিন্ন ধৰণৰ অনুশীলনো অব্যাহত আছে ।