গোলাঘাট, 10 অক্টোবৰঃ ৰাজ্যত সমাগত বিধানসভাৰ নিৰ্বাচন ৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে দলীয় তৎপৰতা ৷ তাৰ মাজতে ৰাজ্যত একাংশ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক-বিধায়িকাৰ লগতে দলীয় বহু নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সেইসমূহৰ ভিতৰ নাম ওলাইছে প্ৰাক্তন গড়কাপ্তানি মন্ত্ৰী বৰ্তমানৰ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ নাম ৷
বিজেপিলৈ গমন কৰিব নেকি গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ! - প্ৰাক্তন গড়কাপ্তানি মন্ত্ৰী
গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে গমন কৰিব বিজেপিলৈ। এই সৰব চৰ্চাই খলকনি তুলিছে ৰাজ্যৰ ৰাজনৈতিক মহলত।
ইপিনে এই সৰব চৰ্চাই খলকনি তুলিছে ৰাজনৈতিক মহলত। কেৱল অজন্তা নেওগে নহয় সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলিনা তিৰ্কীয়েও বিজেপিত যোগদান কৰাৰ বিষয়ে চৰ্চাৰ শিৰোনাম দখল কৰিছে। অজন্তা নেওগে নাগপুৰৰ আৰ এচ এচৰ কাৰ্যালয়ত যোগাযোগ কৰাৰ উপৰিও বিজেপিৰ শীৰ্ষ মহলৰ লগত আলোচনা হোৱা বুলি প্ৰচাৰিত হৈছে। খুব কম সময়ৰ ভিতৰত অজন্তা নেওগ গেৰুৱা বাহিনীলৈ গমন কৰিব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত গোলাঘাটৰ মিডিয়া কোষৰ আহ্বায়ক ৰুবুল বৰাৰ লগত আমাৰ সাংবাদিক দিগন্ত চাহুৰ এক সাক্ষাৎকাৰ ।
লগতে পঢ়কঃ বিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে