বোকাখাত, 17 ছেপ্টেম্বৰ:বোকাখাতৰ ভকত চাপৰিত উত্তেজনা (Tensed situation at Bokakhat) ৷ ৰাইজৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৷ অঞ্চলটোত এটা সামূহিক ভৱনক লৈ ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (Additional Magistrate injured at Bokakhat) ৷
জানিব পৰা মতে ভকত চাপৰিৰ ৯ টা খেলৰ লোকে একমাত্ৰ সামূহিক ভৱনটো ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু শনিবাৰে ভৱনটোৰ কাষতে থকা নামঘৰৰ ৰাইজে সামূহিক ভৱনটো দখল কৰি কাকো সোমাবলৈ দিয়া নাছিল ৷ ফলত ৰাইজে মহকুমাধিপতিক এই সন্দৰ্ভত অৱগত কৰে ৷
এই অভিযোগৰ ভিত্তিত অঞ্চলটোত তদন্তৰ বাবে আহে অতিৰিক্ত দণ্ডাধীশ ঋতুপৰ্ণা দাস ৷ দণ্ডাধীশৰ উপস্থিতিতেই দুই ফৈদে মাৰপিটত লিপ্ত হয় ৷ এই কাজিয়াৰ মাজত মাত মাতিবলৈ যাওঁতেই দণ্ডাধীশ ঋতুপৰ্ণা দাসৰ গাত লাঠিৰ কোব পৰে ৷