গোলাঘাট,3 মে’ঃগোলাঘাট জিলাৰ মুৰফুলনীৰ এটা দুৰ্ভগীয়া পৰিয়াল । দেশত চলি থকা লক্ ডাউনৰ বাবে মুৰফুলনীৰ ভাগ্যপুৰৰ প্ৰদীপ দাসৰ পৰিয়াললৈ নামি আহিছে অমানিশা ৷ এসাঁজ ভাতৰ বাবে চিন্তা কৰা পৰিয়ালটো সন্মুখীন হৈছে মহা সংকটৰ । পৰিয়ালটোৰ মুৰব্বী প্ৰদীপ দাসৰ পত্নী ৰীণা দাসৰ শৰীৰত ধৰা পৰিছে দুৰাৰোগ্য কৰ্কট ৰোগৰ উপস্থিতি । প্ৰথমাৱস্থাত ব্যক্তি গৰাকীয়ে গোলাঘাটত পত্নীক চিকিৎসা প্ৰদান কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু,বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসকে ৰীণাৰ শৰীৰত ব্লাডাৰ আৰু কৰ্কটৰ লক্ষণ লাভ কৰাত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল আৰু বি বৰুৱা কৰ্কট ইনষ্টিটিউটৰ চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰে ।
গোলাঘাটৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী - মুৰফুলনী
এফালে লক্ ডাউন আনফালে উদং ভঁৰাল ৷ এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰাৰ মাজতে চিকিৎসা কৰিবলগীয়া হৈছে ৰুগীয়া পত্নীৰ ৷ ফলত তীব্ৰ অসহায় অৱস্থাৰ সন্মুখীন হৈছে গোলাঘাটৰ এটা পৰিয়াল ৷
সহায়ৰ আহ্বান
ইতিমধ্যে চিকিৎসাৰ বাবে সাঁচতীয়া সকলো ধন ব্যয় হোৱাত পৰিয়ালটো সন্মুখীন হৈছে বিপদৰ । কোনোমতে পেটে-ভাতে চলি থকা পৰিয়ালটোৱে উন্নত চিকিৎসাৰ বাবে যাব পৰা নাই গুৱাহাটীলৈ ৷ তদুপৰি স্থানীয় জন প্ৰতিনিধি বা চৰকাৰী বিষয়াৰ সৈতে যোগাযোগ কৰিও লাভ কৰা নাই কোনো সুফল ৷ পৰিয়ালটোৱে চৰকাৰী এম্বুলেঞ্চ সেৱাৰ লগত যোগাযোগ কৰিও লাভ নকৰিলে কোনো সুফল ৷ তথাপিও চৰকাৰৰ সহায়ৰ প্ৰতি বাট চাই ৰৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷
লগতে চাওকঃবিশ্বনাথ কাণ্ডঃ আৰক্ষীৰ জালত 5 অভিযুক্ত