গোলাঘাট, 27 ছেপ্তেম্বৰ:ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ছবি ৷ যিখন ছবিক লৈ তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী ৷ ছবিখনত স্পষ্টভাৱে প্ৰতিফলিত হৈছিল চহা কৃষকৰ দুৰ্দশাৰ প্ৰতিচ্ছবি ৷ ছবিখনত ভাৰতৰ অভিমান ত্ৰিৰংগা পতাকাৰ তলত তেজেৰে ৰাঙলী হৈ পৰি আছে এজন কৃষক ৷ গোলাঘাটৰ এগৰাকী বিশিষ্ট শিল্পী প্ৰাঞ্জল পায়েঙে অংকন কৰিছিল ছবিখন ৷ বৰ্তমান বিতৰ্কৰ মাজত শিল্পী গৰাকী ৷
এখন ছবিক লৈ তৎপৰ হৈ পৰিল গোলাঘাট আৰক্ষী - a painting made controversy among police
এখন ছবিৰ বাবে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী ৷ গোলাঘাটৰ চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙে অকা এখন ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাচতেই দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ তৎপৰতা ৷
ছবিখন ছ'চিয়েল মিডিয়া বহুলভাৱে প্ৰচাৰিত হোৱাৰ পাচত আৰক্ষীৰ কাষত ঠিয় হ'ব লগা হয় শিল্পী গৰাকী ৷ গোলাঘাট আৰক্ষী প্ৰশাসনৰ আই টি চেলৰ ক্ৰাইম ব্ৰাঞ্চে চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙক মাতি নি তেওঁৰ ফেচবুক পেজৰ পৰা ডিলিট কৰাৰ নিৰ্দেশ দিয়ে ছবি খন ৷ আৰক্ষী তথা ৰাজ্য চৰকাৰৰ এনে কাৰ্যত দুখ প্ৰকাশ কৰিছে চিত্ৰশিল্পী গৰাকীয়ে ৷ শিল্পী গৰাকীৰ মতে ছবিখনে খাটি খোৱা জনতাৰ দুখ দুৰ্দশা প্ৰতিফলিত কৰিছে ৷ স্বাধীন ভাৰতত পৰাধীন কৃষক, মজদুৰৰ বিষয়টো প্ৰতিফলিত কৰিছে ৷
লগতে পঢ়ক:বিশ্ব পৰ্যটন দিৱসত CN Travels & Centre for Tourism Studiesৰ বিশেষ পদক্ষেপ