সৰুপথাৰ, 28 মে' :গোলাঘাট জিলাৰ সৰুপথাৰত বৃহস্পতি বাৰে নিশা অসুস্থ অৱস্থাত এগৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে । সৰুপথাৰৰ পৰা নাওজানলৈ যোৱা পথত উদ্ধাৰ কৰা হৈছে উক্ত কিশোৰী গৰাকীক । মুকবধিৰ কিশোৰী গৰাকীৰ বয়স প্ৰায় ১০ ৰ পৰা ১২ বছৰৰ ভিতৰত হ’ব বুলি অনুমান কৰিব পৰা গৈছে । বৰ্তমান পৰ্যন্ত পৰিচয় জানিব পৰা নাই কিশোৰী গৰাকীৰ ।
সৰুপথাৰত পথৰ দাঁতিত অসুস্থ অৱস্থাত কিশোৰী উদ্ধাৰ - ১০৮ এম্বুলেন্স
সৰুপথাৰত বৃহস্পতি বাৰে নিশা অসুস্থ অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী । মুকবধিৰ কিশোৰী গৰাকীৰ বয়স প্ৰায় ১০ ৰ পৰা ১২ বছৰৰ ভিতৰত হ’ব বুলি অনুমান কৰিব পৰা গৈছে । বৰ্তমান পৰ্যন্ত পৰিচয় জানিব পৰা নাই কিশোৰী গৰাকীৰ ।
সৰুপথাৰত অসুস্থ অৱস্থাত কিশোৰী উদ্ধাৰ
উল্লেখ্য যে, নিশা প্ৰায় 1 বজাত আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই ১০৮ এম্বুলেঞ্চেৰে কিশোৰী গৰাকীক সৰুপথাৰৰ চিকিৎসালয়ত ভৰ্তি কৰায় । চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে কিশোৰী গৰাকীক ৷ উল্লেখ্য যে, আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে পৰিয়ালৰ সদস্য়ক চিকিৎসালয়ৰ পৰা কিশোৰী গৰাকীক লৈ যাবলৈ অনুৰোধ জনায় ৷
লগতে পঢ়ক :ধেমাজিৰ মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ
Last Updated : May 29, 2021, 6:18 AM IST