অসম

assam

ETV Bharat / state

গোৱালপাৰাত লক্ষাধিক টকাৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ - goalpara

গোৱালপাৰাত জব্দ চোৰাং কাঠভৰ্তি বাহন ৷ গোৱালপাৰাৰ লক্ষীপুৰ আঞ্চলিক বনবিষয়া আব্দুল হক আহমেদৰ নেতৃত্বত চলা এক অভিযানত এই কাঠখিনি জব্দ কৰা হয় ৷ বহুদিনৰ পৰা গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলত অবৈধ কাঠৰ ব্যাৱসায় চলি অহাৰ অভিযোগ ৷

গোৱালপাৰাত জব্দ চোৰাং কাঠভৰ্তি বাহন
গোৱালপাৰাত জব্দ চোৰাং কাঠভৰ্তি বাহন

By

Published : Nov 14, 2020, 2:27 PM IST

গোৱালপাৰা, 14 নৱেম্বৰ: গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বাহন জব্দ ৷ গোৱালপাৰাৰ লক্ষীপুৰ আঞ্চলিক বনবিষয়া আব্দুল হক আহমেদৰ নেতৃত্বত চলা এক অভিযানত লক্ষীপুৰ আঞ্চলিক বন বিষয়াই চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে। জব্দকৃত কাঠখিনি লক্ষাধিক মূল্যৰ হ'ব বুলি অনুমান কৰা হৈছে ৷

উল্লেখ্য যে গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলত দীৰ্ঘ দিনৰ পৰাই অবৈধ কাঠৰ ব্যাৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । অভিযোগ অনুসৰি কেইগৰাকীমান কাঠৰ চোৰাং ব্যৱসায়ীয়ে মেঘালয়ৰ বনাঞ্চলৰ পৰা অবৈধ ভাবে মূল্যৱান গছৰ কুণ্ডা ক্ৰয় কৰি কুণ্ডাসমূহ গোৱালপাৰা-ধুবুৰী জিলাৰ সীমান্তবৰ্তী অঞ্চলৰ অবৈধ কাঠফলা মিলত ফালি অবৈধ ব্যৱসায় চলাই আহিছে ৷ এই চোৰাং ব্যৱসায়ত লক্ষীপুৰ বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বহু লোক জড়িত হৈ থকাৰো অভিযোগ উত্থাপিত হৈছে ৷

অৱশেষত লক্ষীপুৰ আঞ্চলিক বন বিষয়া আব্দুল হক আহমেদ আৰু ফৰেষ্টাৰ জে বৰ্মনৰ নেতৃত্বত বন বিভাগৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি অসম-মেঘালয় সীমান্তৱৰ্তী চৈবাৰী বাদুংডোবা গাঁৱত এক অভিযান চলাই বন বিভাগৰ বিষয়া সকলে মূল্যৱান কাঠ কঢ়িয়াই লৈ যোৱা অৱস্থাত এম এল- 07- 4262 নম্বৰৰ ট্ৰাক খন জব্দ কৰে ।

বিগত কিছুদিনৰ ভিতৰত বন বিভাগে চাৰিখনকৈ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিছে । বন বিভাগে জব্দ কৰা মুঠ চাৰিখন ট্ৰাকত থকা চোৰাং কাঠৰ মূল্য প্ৰায় 4 লাখ টকা হব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:মাজুলীত উপস্থিত ফ্ৰান্সৰ পৰ্যটকৰ দল

ABOUT THE AUTHOR

...view details