এটা ম’বাইলৰ কাৰণে কি কৰিব পাৰিব আপুনি ? চাওক কি কি কৰা নাই এই সকলে ! - MOBILE
এটা চুৰি হোৱা মোবাইলক কেন্দ্ৰ কৰি উত্তেজনা
ৰাস্তাই-পথাৰে দৌৰিছে এদল পুৰুষ মহিলা ৷ কাৰোবাৰ হাতত যদি বাঁহৰ টাঙোন আন কাৰোবাৰ হাতত আকৌ জেওৰা খৰি ৷ কোনোৱে যদি কাৰোবাক উৰাই ঘূৰাই কোবাইছে আন কোনোবাই আকৌ চুলিয়া চুলি লাগিছে ৷ মুঠতে এখন দুৰ্বাদল কাজিয়া ৷ এতিয়া আহো ঘটনাৰ মূল কাহিনীলৈ ৷ এটা চুৰি হোৱা মোবাইলক কেন্দ্ৰ কৰি এই উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে নগৰবেৰাৰ ভখূৰাদিয়াত৷ কিছু দিন পূৰ্বে মানজন আলীৰ ঘৰৰ পৰা চুৰি হোৱা এটা ম’বাইল একে গাঁৱৰে বাহাদুৰ আলীৰ হাতত প্ৰতক্ষ কৰে মানজনে ৷ ইয়াৰ পিচতেই ম’বাইল চুৰিৰ অভিযোগ তুলি মানজনে বিচাৰ দিয়ে গাঁওবাসীৰ ওচৰত ৷ সেই সংক্ৰান্তত ৰাইজে আলোচনা কৰিবলৈ লওঁতেই গোচৰীয়া আৰু পদকীয়া দুয়ো ফৈদৰ মাজত সৃষ্টি হয় তুমুল সংঘাতৰ ৷ তৰ্কা তৰ্কিৰে আৰম্ভ হোৱা এই সংঘাতে অৱশেষত ৰূপ লয় হতাহতিৰ আৰু তাৰ পাচৰ পৰিস্থিতি এইয়া ৷