গোৱালপাৰা, 20 অক্টোবৰ :ৰাজ্যত মাত্ৰাধিক হাৰত বাঢ়িছে চুৰিকাণ্ড ৷ সাধাৰণ জনতাৰ অৱস্থা কাহিল কৰি দিছে চোৰ, চিলনী চোৰ, ডকাইত ইত্যাদিয়ে ৷ ঘৰ-দুৱাৰ, যিকোনো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ পিচত এতিয়া চোৰৰ কোপদৃষ্টি পৰিছে পৱিত্ৰ স্থানসমূহত ৷
দুৰ্গাপূজাৰ আনন্দ উল্লাসৰ মাজতে গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত চুৰিকাণ্ড সংঘটিত হয় । গোৱালপাৰা শ’লমাৰীত থকা ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত হোৱা চুৰিকাণ্ডই সকলোকে হতবাক কৰি তুলিছে । মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰে এফালৰ পৰা চলালে চাফাই অভিযান । উল্লেখ্য যে, গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত শ’লমাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত চুৰিকাণ্ডৰ ঘটনাৰ পিচত চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলজুৰি ৷
যোৱা নিশা ৪-৫ জনীয়া অচিনাক্ত যুৱকৰ দল এটাই মুখত ক’লা কাপোৰ বান্ধি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ গ্ৰীলৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে । ভিতৰত থকা মা-কালীৰ মূৰ্তিৰ ডিঙিত থকা সোণ-ৰূপৰ অলংকাৰসমূহ এপদ এপদ কৈ খুলি নিয়ে চোৰৰ দলটোৱে । চোৰৰ দলটোৱে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে মন্দিৰৰ চিচি টিভি কেমেৰাত । প্ৰায় ১৫ লক্ষাধিক টকাৰ আ-অলংকাৰ চোৰে লুটি লৈ যায় ।