গোৱালপাৰা, 15 জুন: কিতাপ বহী এৰি প্ৰতিবাদত নামিছে ছাত্ৰ ছাত্ৰী । বিদ্যালয় গৃহৰ সমুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে । বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ভাতনাপাইতি মহিষখুটি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয়খনৰ প্ৰধান শিক্ষক জামাল উদ্দিন আহমেদৰ ওপৰত বিতুষ্ট বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল । শতাধিক ছাত্ৰ ছাত্ৰী অধ্যয়ণ কৰা বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক জামাল উদ্দিন আহমেদ সপ্তাহত মাত্ৰ এদিন বা দুদিনহে আহে স্কুললৈ । এনে পৰিস্থিতিত বছৰ বছৰ ধৰি শিক্ষা লাভৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী । কেৱল এয়াই নহয়, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ওপৰতো প্ৰধান শিক্ষক জামাল উদ্দিনৰ শেন চকু । প্ৰায় এবছৰ ধৰি ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ আহাৰ নিদিয়াৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ । প্ৰধান শিক্ষক জামাল উদ্দিনৰ এনে দুৰ্নীতি অনিময়ত এতিয়া অতিষ্ট ছাত্ৰ ছাত্ৰী অভিভাৱক সকল ।
শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী - বৰপেটা
কিতাপ বহী এৰি প্ৰতিবাদত নামিছে ছাত্ৰ ছাত্ৰীয়ে । প্ৰধান শিক্ষকৰ অনিয়মীয়া উপস্থিতি আৰু মধ্যাহ্ন ভোজনৰ ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
কিতাপ বহী এৰি প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী
লগতে পঢ়ক: দিল্লী এয়াৰপৰ্টৰ কাষত অসমীয়া যুৱতী-মহিলাৰে নাৰী দেহ ব্যৱসায়!!
অতিষ্ট ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ কৰাই নহয়, শীঘ্ৰে প্ৰধান শিক্ষক জামাল উদ্দিনক গ্ৰেপ্তাৰৰ দাবী জনাইছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকল । এতিয়া প্ৰশ্ন হয়, কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ এই প্ৰতিবাদে শিক্ষা বিভাগৰ চকু খোল খুৱাব পাৰিবনে?