অসম

assam

ETV Bharat / state

গোৱালপাৰাত কৃষক সভাই দাহ কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি - farm bill

বিগত কিছুদিন ধৰি দিল্লীত অব্য়াহত আছে কৃষক আন্দোলন ৷ এই আন্দোলনৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল উলাই আহিছে ৷ গোৱালপাৰা জিলাতো শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি কৃষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

goalpara protest
গোৱালপাৰাত নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ

By

Published : Dec 6, 2020, 12:48 PM IST

Updated : Dec 6, 2020, 1:24 PM IST

গোৱালপাৰা,6 ডিচেম্বৰ :গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তালতলা তিনিআলিত শনিবাৰে নিখিল ভাৰত কৃষক সভাৰ গোৱালপাৰা জিলা সমিতিয়ে দাহ কৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি ।

প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি

কৃষক সভাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি জহিৰুল ইছলামৰ নেতৃত্বত অঞ্চলটোৰ কৃষকসকলে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । কৃষক সভাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি জহিৰুল ইছলামে বিক্ষোভ স্থলীত কয় যে 'কৃষক সকলৰ হিতৰ বিপৰীতে গৃহীত বিল আমি মানি নলওঁ'। এই কৃষি আইনৰ দ্বাৰা কৃষক সকল বিশেষভাৱে ক্ষতিগ্ৰস্ত হ’ব । কৃষকৰ বাবে থকা বহু চৰকাৰী বিভাগৰ বিলুপ্তি ঘটিব । কৃষকৰ বিপৰীতে পুঁজিপতি সকল লাভৱান হ’ব বুলি ইছলামে মন্তব্য কৰে ।

গোৱালপাৰাত নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্ত্তি দাহ

লগতে তেওঁ কয় যে তেওঁলোকে দিল্লীত কৃষক-শ্ৰমিক সকলে কৰি থকা আন্দোলন সম্পূৰ্ণৰূপে সমৰ্থন কৰে। অহা ৮ ডিচেম্বৰত ভাৰত বন্ধৰ কাৰ্যসূচীক পূৰ্ণ সমৰ্থন কৰি এই বন্ধ সফল কৰাৰ ক্ষেত্ৰতো তেওঁ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে । আজিৰ বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বাওঁপন্থী নেতা অৰুণ শৰ্মা, চিপিএম নেতা আব্দুল কাদেৰকে আদি কৰি দলীয় নেতৃবৃন্দ।

লগতে পঢ়ক:কলগাছিয়াত কৃষি আইন বাতিলৰ দাবীৰে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

Last Updated : Dec 6, 2020, 1:24 PM IST

ABOUT THE AUTHOR

...view details