গোৱালপাৰা, 17 জুনঃ কামৰূপৰ নগৰবেৰাত অবৈধ লটাৰীৰ বিৰুদ্ধে অভিযান ৷ দীৰ্ঘদিনৰে পৰা নগৰবেৰা আৰু দাঁতিকাষৰীয়া অঞ্চলসমূহত অবাধে চলি আছিল কোটি কোটি টকাৰ লটাৰী আৰু জুৱা খেল । দেওবাৰে নিশা কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত চলা অভিযানত লটাৰীৰ ঘাটি উৎখাত কৰাৰ লগতে লটাৰী-জুৱাৰ লগত জড়িত থকাৰ অভিযোগত পাঁচজনকৈ লোকক আটক কৰে । অভিযানত লটাৰী জুৱাৰ সামগ্ৰী আৰু নগদ ৩৫০০ টকা জব্দ কৰে আৰক্ষীয়ে ।
নগৰবেৰাত অবৈধ লটাৰীৰ বিৰুদ্ধে অভিযানঃ পাঁচজনক আটক - জুৱাৰ সামগ্ৰী
দেওবাৰে নিশা কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত চলা অভিযানত লটাৰীৰ ঘাটি উৎখাত কৰাৰ লগতে লটাৰী-জুৱাৰ লগত জড়িত থকাৰ অভিযোগত পাঁচজনকৈ লোকক আটক কৰে ৷
গোৱালপাৰাত আৰক্ষীৰ অভিযানত জব্দ জুৱাৰ সামগ্ৰী, আটক পাঁচটা জুৱাৰী
উল্লেখ্য যে, নগৰবেৰাৰ বাবা লোকনাথ মন্দিৰৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে পূৰ্বেও কোটি টকীয়া লটাৰী-জুৱা খেল সম্পন্ন কৰাৰ পাছত এয়া আছিল তেওঁলোকৰ দ্বিতীয়খন খেল । আৰক্ষীৰ অভিযানত আটক হোৱা আক্ৰাম হুছেইন, প্ৰকাশ দাস, আব্দুল মান্নান, অমল দৈমাৰী, হৰকান্ত বৰোক সোমবাৰে আদালতলৈ প্ৰেৰণ কৰা হ'ব ।
আৰু পঢ়কঃ মাজুলীত স্থাপন হ'ব সতী ৰাধিকা কলাক্ষেত্ৰ
Last Updated : Jun 17, 2019, 11:55 AM IST