অসম

assam

ETV Bharat / state

আৰ্থিকভাৱে জুৰুলা ৰিংকুৰ পৰিয়ালে বিচাৰিলে স্বাস্থ্যমন্ত্ৰীৰ সহায় - কিডনী

দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ কিডনীত পাথৰৰ উপস্থিতি পোৱা গৈছিল ৷ যাৰ পৰিপ্ৰক্ষিতত ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে বিক্ৰী কৰিবলৈ বাধ্য হয় ঘৰৰ সকলো সা-সম্পত্তি ৷ কিন্তু তথাপিও সুস্থ হৈ নুঠিল ৰিংকু ৷

Rinku's family seeks help from health minister
আৰ্থিকভাৱে জুৰুলা ৰিংকুৰ পৰিয়ালে বিচাৰিলে স্বাস্থ্যমন্ত্ৰীৰ সহায়

By

Published : Sep 13, 2020, 9:37 AM IST

Updated : Sep 13, 2020, 11:01 AM IST

বকো,13ছেপ্তেম্বৰঃ কলিতেই সপোন মৰহিল গোৱালপাৰাৰ এগৰাকী ছাত্ৰীৰ ৷ বিচনাত শুই কান্দি কান্দি এতিয়া জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ছাত্ৰীগৰাকীয়ে ৷ গোৱালপাৰা জিলাৰ ধূপধৰা ছাপলাইৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা ছাত্ৰীগৰাকীৰ নাম ৰিংকু কলিতা ৷ জানিব পৰা মতে, দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ কিডনীত পাথৰৰ উপস্থিতি পোৱা গৈছিল ৷ যাৰ পৰিপ্ৰক্ষিতত ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে বিক্ৰী কৰিবলৈ বাধ্য হয় ঘৰৰ সকলো সা-সম্পত্তি ৷ কিন্তু তথাপিও সুস্থ হৈ নুঠিল ৰিংকু ৷

আৰ্থিকভাৱে জুৰুলা ৰিংকুৰ পৰিয়ালে বিচাৰিলে স্বাস্থ্যমন্ত্ৰীৰ সহায়

বৰ্তমান ৰিংকুৰ চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত নাই ধন ৷ আৰ্থিকভাৱে জুৰুলা তথা দিকবিদিক হেৰুৱাই পেলোৱা পৰিয়ালটোৰ শেষ ভৰষা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা ৷ ই টিভি ভাৰতৰ জৰিয়তে পৰিয়ালটোৱে ৰিংকুৰ উন্নত চিকিৎসাৰ বাবে সহায় কৰিবলৈ কাতৰ অনুৰোধ জনায় মন্ত্ৰীগৰাকীক ৷

লগতে পঢ়কঃসৰ্বভাৰতীয় পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ সাজু কৰা হ’ব দৰিদ্ৰ ছাত্ৰক

Last Updated : Sep 13, 2020, 11:01 AM IST

ABOUT THE AUTHOR

...view details