গোৱালপাৰা,২৮ মাৰ্চ :ৰাজ্যত পুনৰ ৰেগিং কাণ্ড (Ragging in Assam)। এইবাৰৰ স্থান গোৱালপাৰাৰ সৈনিক স্কুল । বিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰ কেইবাজনো কনিষ্ঠ আহত হোৱাৰ অভিযোগ উঠিছে । ইতিমধ্যে ভুক্তভোগী ছাত্ৰৰ অভিভাৱকে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত গোচৰ ৰুজু কৰিছে । মৰনৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
গোৱালপাৰা জিলাৰ মৰনৈস্থিত সৈনিক স্কুলত সংঘটিত হোৱা ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে, জ্যেষ্ঠ ছাত্ৰই একাংশ কণিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত প্ৰহাৰ কৰিছে (Student attacks Juniors in Sainik School)। লগতে ছাত্ৰসকলক মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ কৰিছে অভিভাৱকসকলে । ঘটনাটোৰ বিষয়ে অভিভাৱকে গম পোৱাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে অভিভাৱকসকলে ।
এই অভিযোগৰ ভিত্তিত আৰক্ষী সঞ্চালক প্ৰধানে গোৱালপাৰা জিলা আৰক্ষীক বিষয়টো তদন্তৰ নিৰ্দেশ দিছে । নিৰ্দেশ পোৱাৰ লগে লগে মৰনৈ আৰক্ষীয়ে এই সন্দৰ্ভত নিজাববীয়াকৈ ২৬/২০২৩ ইউ এছ ৩২৫/৩৪২/৩৪ আই পি চি, ২৩ জে জে এক্ট, ৪ এ পি আৰ এক্টত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।