অসম

assam

ETV Bharat / state

চিকিৎসক অবিহনে ধুবুৰী জিলাত চলিছে এখন চিকিৎসালয় ! - pharmacist

চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসকৰ আৱাস গৃহৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সা-সুবিধা আছে ৷ কিন্তু অভিযোগ অনুসৰি চিকিৎসালয়খনত এগৰাকীও চিকিৎসক নাই ৷

চিকিৎসক অবিহনে ধুবুৰী জিলাত চলিছে এখন চিকিৎসালয়!

By

Published : May 14, 2019, 4:00 PM IST

পশ্চিম গোৱালপাৰা, 14 মে' : ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অধীনষ্ঠ এখন চিকিৎসক নথকা চিকিৎসালয় ৷ এই চিকিৎসালয়খন হৈছে চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ চিকিৎসালয় খনত চিকিৎসকৰ সলনি ফাৰ্মাচিষ্ট গৰাকীয়ে চিকিৎসা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

চিকিৎসক অবিহনে ধুবুৰী জিলাত চলিছে এখন চিকিৎসালয়!

চিৰাকুটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত চিকিৎসকৰ আৱাস গৃহৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ সা-সুবিধা আছে ৷ কিন্তু অভিযোগ অনুসৰি চিকিৎসালয়খনত এগৰাকীও চিকিৎসক নাই ৷ ইপিনে স্থানীয় ৰাইজে জনোৱা অনুসৰি বিভিন্ন সময়ত চিকিৎসালয়খনত চিকিৎসক নিয়োগ কৰিবৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ৷ কিবা কাৰণত ৰোগীৰ অৱস্থা অৱনতি ঘটিলে স্থানীয় ৰাইজে সুদূৰ গোৱালপাৰালৈ নিবলগীয়া হয় ৷ ফলত ফাৰ্মাচিষ্ট গৰাকীয়েই স্থানীয় লোকসকলৰ একমাত্ৰ ভৰষা বুলি জনাই তেওঁলোকে ৷ সেয়ে পয়া লগা যোগাযোগ ব্যৱস্থাই কোঙা কৰা অঞ্চলৰ ৰাইজ সকলে শীঘ্ৰে চিকিৎসালয়খনত চিকিৎসক নিযুক্তি কৰিবলৈ স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাক দাবী জনায় ৷

ABOUT THE AUTHOR

...view details