অসম

assam

ETV Bharat / state

মাটিয়াত ক‘ভিডত আক্ৰান্ত ৰোগীক লৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ - গোৱালপাৰা জিলা

গোৱালপাৰা জিলাৰ মাটিয়াত ক’ভিড-19 ত আক্ৰান্ত ৰোগীক লৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ ৷ এম্বুলেঞ্চ অবিহনে ঘৰলৈ নিয়া হ’ল ৰোগীক ৷ অঞ্চলজুৰি তীব্ৰ আতংক ৷

মাটিয়াত ক‘ভিডত আক্ৰান্ত ৰোগীক লৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ
মাটিয়াত ক‘ভিডত আক্ৰান্ত ৰোগীক লৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ

By

Published : May 1, 2021, 3:36 PM IST

গোৱালপাৰা,1 মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ভিভ-১৯ ৰ দ্বিতীয় লহৰে সংহাৰী ৰূপ লোৱাৰ মাজতে গোৱালপাৰাৰ মাটিয়াত ক’ভিড আক্ৰান্ত ৰোগীক লৈ চৰম হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ৷ মাটিয়া আদৰ্শ স্বাস্থ্যকেন্দ্ৰৰ পৰা এগৰাকী 60 ঊৰ্ধ্বৰ ক’ভিডত আক্ৰান্ত ৰোগীক এম্বুলেঞ্চ অবিহনে চাইকেলেৰে পঠাই দিয়া হ’ল ঘৰলৈ ৷

মাটিয়াত ক‘ভিডত আক্ৰান্ত ৰোগীক লৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে মাটিয়াৰ মজকুৰি গাঁৱৰ প্ৰভাত কলিতা নামৰ এগৰাকী ব্যক্তিৰ সামান্য গা বেয়া হৈ থকাত তেওঁ চিকিৎসাৰ বাবে চাইকেলেৰে মাটিয়া আদৰ্শ চিকিৎসালয়লৈ যায় ৷ তেনে সময়তে চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষাৰ লগতে ৰেপিড এণ্টিজেন টেষ্ট কৰাত ব্যক্তিগৰাকীৰ দেহত ক’ভিড ভাইৰাছ ধৰা পৰে ৷ পৰৱৰ্তী পৰ্যায়ত কোনো বিশেষ লক্ষণ নথকা ক’ভিড ৰোগীগৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই হোম আইচ’লেচনত ৰখাৰ সিদ্ধান্তৰে ঘৰলৈ যাবলৈ দিয়ে ৷

কিন্তু আশ্বৰ্যজনক কথা, প্ৰায় 60 ঊৰ্ধৰ ক’ভিড ৰোগীগৰাকীক এম্বুলেঞ্চৰ পৰিৱৰ্তে দায়িত্বজ্ঞানহীনতাৰে চাইকেলেৰে ঘৰলৈ যাব দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৷ এনেদৰে অসুৰক্ষিত অৱস্থাত এগৰাকী ক’ভিড ৰোগীক ঘৰলৈ পঠিয়াই দিয়াত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনহাতে, বৰ্তমানেও স্বাস্থ্য বিভাগৰ কোনো লোক ব্যক্তি গৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ আন লোকৰ ক’ভিড পৰীক্ষা নকৰাত ভাইৰাছবিধৰ সংক্ৰমণ ঘটাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক :লুইত এৰ' প্ৰডাক্ট পৰিদৰ্শন ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details