অসম

assam

By

Published : May 11, 2023, 8:26 PM IST

ETV Bharat / state

Monkey Attack in Goalpara: টুক্ৰেশ্বৰী মন্দিৰত বান্দৰৰ আক্ৰমণত আহত চুলেমান

গোৱালপাৰাত টুক্ৰেশ্বৰী মন্দিৰত পুনৰ বান্দৰৰ উপদ্ৰৱ (Monkey Attack in Goalpara)। বান্দৰৰ আক্ৰমণত পুনৰ গুৰুতৰভাৱে আহত হয় এজন যুৱক। আহত চুলেমান আলী বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (Monkey attacked a man)।

Monkey attacked a man in Goalpara
বান্দৰৰ আক্ৰমণত আহত চুলেমান

বান্দৰৰ আক্ৰমণত আহত চুলেমান

গোৱালপাৰা, 11 মে’: টুক্ৰেশ্বৰী মন্দিৰলৈ আহোঁতে সাৱধান ৷ গোৱালপাৰাত টুক্ৰেশ্বৰী মন্দিৰত পুনৰ বান্দৰৰ উপদ্ৰৱ (Monkey Attack in Goalpara)। বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক । কথমপি প্ৰাণ ৰক্ষা পৰে চুলেমান আলী নামৰ যুৱকজনৰ ৷ সম্প্ৰতি আহত চুলেমান আলীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে (Monkey attacked a man) ৷

গোৱালপাৰাত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে বান্দৰ-মানুহৰ সংঘাত । গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত বান্দৰৰ উপদ্ৰৱে আতংকিত কৰিছে সাধাৰণ জনতাক (Man injured in Goalpara) ।

বৃহস্পতিবাৰে দিনৰ ভাগত যুৱকজনে টুকুৰা বজাৰত এখন বিস্কুটৰ বেকাৰীত কাম কৰি থকা অৱস্থাত বান্দৰটোৱে অকস্মাতে যুৱকজনক সোঁহাতত কামুৰি দিয়ে ৷ তৎক্ষণাত যুৱকজনে শৰীৰৰ সৰ্বশক্তি প্ৰয়োগ কৰি বান্দৰটোক আঁতৰালৈ দিয়ে যদিও পুনৰ বান্দৰটোৱে যুৱকজনৰ বাওঁ ভৰিত কামুৰি ধৰে । ফলত যুৱকজনৰ সোঁহাতৰ দুঠাইত আৰু বাওঁ ভৰিৰ মাংস কামুৰি ছিঙি লৈ যোৱাৰ ফলত যুৱকজন অজ্ঞান হৈ পৰে ।

লগতে পঢ়ক:Assam CM security news : ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত তিনি এছ পিৰ বদলিৰ নিৰ্দেশ বাতিল

লগে লগে বজাৰত কৰ্মৰত লোকে যুৱকজনক প্ৰত্যক্ষ কৰি তৎক্ষণাত 108 এম্বুলেঞ্চৰ জৰিয়তে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । বৰ্তমান যুৱকজন চিকিৎসাধীন অৱস্থাত আছে ৷

উল্লেখ্য যে, যোৱা 28 এপ্ৰিলত টুক্ৰেশ্বৰী মন্দিৰৰ এটা মলুৱা বান্দৰে মন্দিৰৰ ওচৰতে থকা টুকুৰা বজাৰৰ আজিম উদ্দীনৰ গৃহত প্ৰৱেশ কৰি এটি শিশুক আক্ৰমণ কৰিবলৈ উদ্য়ত হয় । শিশুটিক মাতৃয়ে বান্দৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ লওঁতেই মলুৱা বান্দৰটোৱে মহিলাগৰাকীক উপৰ্জুপৰি আক্ৰমণ কৰিছিল ।

বান্দৰৰ আক্ৰমণ ইমানেই ভয়ানক আছিল যে, মহিলাগৰাকীক কামুৰি শৰীৰৰ কেইবাঠাইতো মাংস উঠাই নিয়ে (Monkey attacked woman in Goalpara)। মহিলাগৰাকীৰ হাতৰ কেইবাটাও আঙুলি কামুৰি ভাঙি দিয়ে । মহিলাগৰাকীয়ে কণমানি শিশু আৰু নিজৰ প্ৰাণ বচাবলৈ চিঞৰ-বাখৰ কৰাত ৰাস্তাৰে গৈ থকা লোকে মহিলাগৰাকীৰ চিঞৰ শুনি গৃহত উপস্থিত হৈ দুয়োগৰাকীকে উদ্ধাৰ কৰিছিল ।

লগতে পঢ়ক:Tukreswari temple: টুক্ৰেশ্বৰী মন্দিৰত কপিকুলৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details