অসম

assam

ETV Bharat / state

Meghalaya CM Conrad Sangma: 'মোৰ পৰিয়াল মোৰ আয়' আঁচনি উদ্বোধন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ - Conrad Sangma in Resubelpara

মেঘালয়ৰ ৰিছুবেলপাৰাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ‘‘মোৰ পৰিয়াল মোৰ আয়’’ চমুকৈ ‘FOCUS+’ (Conrad Sangma launch of FOCUS+ in Resubelpara) নামৰ আঁচনিখন । এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব মেঘালয়ৰ ৬ লাখ পৰিয়াল ।

Conrad Sangma launch of FOCUS plus in Resubelpara
উদ্বোধন কৰা হ’ল মোৰ পৰিয়াল মোৰ আয় নামৰ আঁচনি

By

Published : Jul 28, 2022, 9:52 PM IST

গোৱালপাৰা, 28 জুলাই : গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ৰিছুবেলপাৰাত মুখ্যমন্ত্ৰী কনৰাড চাংমা (Conrad Sangma in Resubelpara)। ‘‘মোৰ পৰিয়াল মোৰ আয়’’ চমুকৈ ‘FOCUS+’ (Conrad Sangma launch of FOCUS+ in Resubelpara) শীৰ্ষক এক আঁচনি শুভ উদ্বোধনৰ লক্ষ্যৰে বৃহস্পতিবাৰে ৰিছুত উপস্থিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী । ‘‘মোৰ পৰিয়াল মোৰ আয়’’ শীৰ্ষক আঁচনিৰ জৰিয়তে মেঘালয় ৰাজ্যৰ ছয় লাখ পৰিয়াল উপকৃত হোৱাৰ লক্ষ্যৰে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় এই আঁচনিখনৰ ।

উদ্বোধন কৰা হ’ল মোৰ পৰিয়াল মোৰ আয় নামৰ আঁচনি

‘‘মোৰ পৰিয়াল মোৰ আয়’’ আঁচনিত অন্তৰ্ভুক্ত হোৱা 12 জনীয়া লোকৰ এটাকৈ গোটক 60 হাজাৰ কৈ টকাৰ কেইবাটাও গোটক চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰতি বছৰে এই আঁচনিৰ জৰিয়তে গোটসমূহে লাভ কৰি 60 হাজাৰকৈ টকা । লগতে অসম-মেঘালয়ৰ সীমা সমস্যাৰ সন্দৰ্ভত সীমান্তৰ ৰাইজৰে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী চাংমাই ।

ৰিছুবেলপাৰাৰ মিনি ষ্টেডিয়ামত আয়োজিত এক ৰাজহুৱা সভাত অংশ লৈ ‘‘মোৰ পৰিয়াল মোৰ পৰিয়ালৰ আয়’’ আঁচনিখন উদ্বোধনৰ পাচতে সীমা সমস্যাৰ সন্দৰ্ভত বিভিন্ন দল-সংগঠন আৰু গাৰো জনগোষ্ঠীৰ মাহাৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Indigo flight landing gear gets into mud: উৰণৰ সময়ত বোকাত সোমাল ইণ্ডিগ’ বিমানৰ চকা

ABOUT THE AUTHOR

...view details