গোৱালপাৰা,8 জুন: গোৱালপাৰা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে ধাৰাবাহিকভাৱে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি ধ্বংসকাৰ্য চলোৱা নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ দেওবাৰে নিশা পুনৰ জিলাখনৰ ধনুভাঙা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত গাঠিয়াপাৰাত হাতীয়ে আক্ৰমণ কৰি এজন লোকৰ দুটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে তহিলং কৰে চাউল,ধানকে ধৰি ভিন্ন শস্য। হাতীৰ ভয়ত আতংকিত হৈ পৰিয়ালটোৰ সদস্যসকলে পলায়ণ কৰি প্ৰাণ ৰক্ষা কৰে ।
গোৱালপাৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত - goalpara
ক্ৰমাৎ গোৱালপাৰাত বৃদ্ধি হৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ দৈনিক হাতীয়ে খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি মানুহৰ যথেষ্ঠ ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে ৷
বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি