গোৱালপাৰা,9 মাৰ্চঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত সোমবাৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুৰ্গ খহাবলৈ বৰপেটা জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ অসমবাসীৰ উন্নয়ন আৰু মিলাপ্ৰীতিৰ মূল হেঙাৰ কংগ্ৰেছ বুলি উল্লেখ কৰি জিলাখনৰ চেঙা আৰু বাঘবৰৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে ৷ ইপিনে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত কৰাৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত কুমাৰ দীপক দাসে কয় এয়া বিজেপিৰহে ইস্তাহাৰ, অগপৰ নহয় । অগপৰ নিৰ্বাচনী ইস্তাহাৰত স্পষ্ট কৰা হ’ব দলৰ স্থিতি ৷ অগপ পূৰ্বৰ স্থিতিত অটল থাকিব বুলিও উল্লেখ কৰে ৷ ইফালে , প্ৰফুল্ল কুমাৰ মহন্তৰ নিষ্ক্ৰিয়তা সন্দৰ্ভতো দীপক দাসে কয় এয়া দলৰ ভিতৰৰ কথা , দলে চিন্তা কৰিব ৷
উন্নয়নৰ মূল হেঙাৰ কংগ্ৰেছঃ কুমাৰ দীপক দাস - ELECTION
ৰাজ্যৰ উন্নয়নৰ মূল হেঙাৰ হৈছে কংগ্ৰেছ ৷ কংগ্ৰেছক উৎখাত কৰিবলৈ বিজেপিৰে মিত্ৰতা কৰিছে অগপই ৷ প্ৰফুল্ল কুমাৰ মহন্ত , ফণীভূষণ চৌধুৰী আৰু CAB সন্দৰ্ভতো বৰপেটাৰ আলুপতিত সোমবাৰে মন্তব্য কৰে বৰপেট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷
কুমাৰ দীপক দাস
উল্লেখ্য যে, AIUDF ৰ সহায় সন্দৰ্ভত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় এয়া দলৰ সিদ্ধান্ত নহয় । ফণীভূষণ চৌধুৰীয়ে কি ভাবি কৈছে তেওঁহে ক’ব পাৰিব বুলি স্পষ্ট কৰে দীপক দাসে ৷ আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে অসমত 14 খন আসনৰ আটাইকেইখনতে বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলিও কয় বৰপেট সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে ৷
Last Updated : Apr 9, 2019, 6:01 AM IST